ETV Bharat / state

বাক্সাত জলসিঞ্চন বিভাগৰ বাবে কৃষকৰ চৰম দূৰ্ভোগ

author img

By

Published : Jun 18, 2021, 9:42 PM IST

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তবৰ্তী এখন বিশেষ গাঁও ৷ জলসিঞ্চন বিভাগৰ কোনো আঁচনিয়েই আজিলৈকে ঢুকি পোৱা নাই এই বিশেষ গাঁও খনক ৷ খেতিৰ পানীৰ বাবে খৰস্রোতা নদী ভেটিব লাগে কৃষক ৰাইজে ৷ নিৰ্বিকাৰ ৰাজ্যৰ জলসিঞ্চন বিভাগ ৷

farmers-are-in-trouble-due-to-lack-of-irrigation-facility-at-baksa
বাক্সাত জলসিঞ্চন বিভাগৰ বাবে কৃষকৰ চৰম দূৰ্ভোগ

বাক্সা,18 জুন: বাৰিষাৰ আগমনৰ লগে লগে খেতি পথাৰত ব্যস্ত হৈ পৰিছে অসমৰ কৃষক ৰাইজ ৷ কিন্তু বাৰিষা আহিলেই বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তবৰ্তী ভূটানখুটিৰ কৃষক সকলৰ মাজত সৃষ্টি হয় হাহাকাৰ অৱস্থাৰ ৷ শুনিবলৈ আঁচহুৱা যেন লাগিলেও এইয়াই সত্য ৷ বাৰিষা আৰম্ভ হোৱো লগে লগেই এতিয়া ভূটানখুটিৰ কৃষক সকলৰ মাজত সৃষ্টি হয় হাহাকাৰ অৱস্থাৰ ৷ মূলত খেতি পথাৰত সৃষ্টি হোৱা পানীৰ অভাৱ তথা জলসিঞ্চন বিভাগৰ আঁচনিৰ অভাৱৰ বাবেই এই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় কৃষক সকলৰ মাজত ৷ উল্লেখ্য যে, বৃটিছৰ ঔপনিবেশৰ পৰা মুক্ত হৈ ভাৰত স্বতন্ত্ৰ হ'ল যদিও, পৰিৱৰ্তন নহ'ল এই সকল কৃষকৰ অৱস্থা ৷ স্বাধীনোত্তৰ ভাৰতৰ কৃষকৰ উন্নয়নৰ বাবে বহু আঁচনিও ৰূপায়ন কৰা হ'ল যদিও সেইসমূহ আঁচনিৰ পৰা আজিও বঞ্চিত হৈ থাকিল এই সকল প্ৰকৃত কৃষক ৷ জলসিঞ্চনৰ অভাৱত এই অঞ্চলৰ ৰাইজে আজিও ভেটিব লাগে দুখনকৈ খৰস্ৰোতা নদী ৷ নদীত শিল, গছৰ ডাল আদিৰে প্ৰাকৃতিকভাৱে বান্ধ দি কৃষি পথাৰলৈ পানী বোৱাই নিব লগীয়া হয় অঞ্চলটোৰ কৃষক ৰাইজে ৷ প্ৰতি বছৰে বাৰিষাৰ সময়ত বিশৰ পৰা ত্ৰিশ দিনলৈ এনেদৰে কাম কৰিব লাগে অঞ্চলটোৰ দূৰ্ভগীয়া কৃষক সকলে ৷

উল্লেখ্য যে, বহু বছৰ ধৰি ভূটানখুটি বগানদী আৰু চুকীয়া নদী বান্ধ সমিতিয়ে এনেদৰে বান্ধ নিৰ্মাণৰ কাম কৰি খেতি কৰি আহিছে ৷ ৰাজ্যৰ জলসিঞ্চন বিভাগে প্ৰতি বছৰে কৃষকক পানী যোগান ধৰাৰ নামত বিভিন্ন আঁচনি ৰূপায়ন কৰিছে যদিও কোনো আঁচনিয়ে আজিলৈকে ঢুকি পোৱা নাই এই অঞ্চলৰ কৃষক সকলক ৷ যাৰ বাবে নিজৰ গাঁঠিৰ ধন খৰচ কৰি বছৰি নদীত বান্ধ দি কৃষি পথাৰলৈ পানী নিবলৈ বাধ্য হৈছে কৃষক সকল ৷ কৃষক সকলৰ অভিযোগ অনুসৰি কোনো এখন চৰকাৰেই তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত একো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ যাৰ বাবে লাহে লাহে খেতি কৰিবলৈ এৰিছে এইসকল সীমান্ত অঞ্চলৰ কৃষকে ৷ প্ৰতিবছৰেই নিৰ্বাচনৰ সময়ত প্ৰাৰ্থী সকল উক্ত স্থানত উপস্থিত হৈ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে ভোট ভিক্ষা কৰে যদিও নিৰ্বাচন শেষ হোৱাৰ পাছতেই তেঁওলোকৰ সমস্যালৈ পিঠি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভূটানখুটিৰ কৃষক সকলে ৷ অন্ত্যন্ত ক্ষোভ প্ৰকাশ কৰি অঞ্চলটোৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে ভূটানখুটিৰ কৃষক ৰাইজে ৷

লগতে পঢ়কঃ ৰূপজ্যোতি কুৰ্মীৰ দলত্যাগ কংগ্ৰেছৰ বাবে ডাঙৰ ক্ষতি: ভৰত নৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.