ETV Bharat / state

ৰাজ্যৰ স্বাৰ্থত একেখন মঞ্চত প্ৰাক্তন বিদ্ৰোহী - প্ৰাক্তন আলফা নেতা অনুপ চেতিয়া

"বড়োসকল অসমৰ খিলঞ্জীয়া,নৱ কুমাৰ শৰণীয়া খিলঞ্জীয়া সকলৰ লগত নাথাকিলে সুবিধা গ্ৰহণ কৰিব অসম বিৰোধী তৃতীয় শক্তিয়ে" ৷ প্ৰাক্তন আলফা ঐক্য মঞ্চ আৰু শ্বহীদ পৰিয়ালৰ বিটিএডিৰ চাৰিখন জিলাৰ ৰাজুহুৱা সভাত সাংসদ নৱ শৰণীয়াক ক্ষুৰধাৰ সমালোচনা কৰিলে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই ৷

বড়ো অবড়ো বাদ দিয়ক, খিলঞ্জীয়াৰ লগত থাকক নৱ শৰণীয়া
author img

By

Published : Oct 18, 2019, 8:59 PM IST

Updated : Oct 18, 2019, 11:07 PM IST

বাক্সা,18 অক্টোবৰঃ শুকুৰবাৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত দক্ষিণ কুমাৰীকাটাৰ ৰাজুহুৱা প্ৰেক্ষাগৃহত প্ৰাক্তন আলফা ঐক্য মঞ্চ আৰু শ্বহীদ পৰিয়ালৰ বিটিএডিৰ চাৰিখন জিলাৰ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী,প্ৰাক্তন আলফাৰ নেতা অনুপ চেতিয়া,ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰী,স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী। প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই ভাষণ প্ৰসংগত কয় যে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিত থকা প্ৰাক্তন আলফা সকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু শ্বহীদ পৰিয়ালক বিটিচিৰ ফালৰ পৰা আৰ্থিক সাহায্য আগবঢ়াবলৈ বিচাৰে যদিও বহুলোকে বেংকৰ সঠিক তথ্য দিব পৰা নাই বাবেই হয়তো বাকী ৰৈ গৈছে ৷ তেওঁ লগতে অসমীয়াৰ বিৰুদ্ধে থিয় দিয়া অপশক্তি সমূহক চিনাক্ত কৰিবলৈ আহ্বান জনায় ৰাইজক ৷ আনহাতে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই একালৰ সতীৰ্থ তথা বৰ্তমান ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে তেওঁ বড়ো অবড়ো বাদ দিয়ক। বড়োসকল অসমৰ খিলঞ্জীয়া,খিলঞ্জীয়া সকলৰ লগত নাথাকিলে অসম বিৰোধী তৃতীয় শক্তিয়ে সুবিধা গ্ৰহণ কৰিব ৷ বৰ্তমানৰ সাংসদ গৰাকী একালত আলফা আছিল ৷ সাংসদ হোৱাৰ পাছত তেওঁ কেতিয়াবা সংসদত আলফাৰ প্ৰসংগ উত্থাপন কৰি পাইছেনে বুলিও প্ৰশ্ন কৰে অনুপ চেতিয়াই ৷ বৰ্তমান যি খন এন আৰ চি চূড়ান্ত তালিকা প্ৰস্তুত হ'ল সেইখনে ৰাইজক আশ্বস্ত কৰিব নোৱাৰা এন আৰ চি বুলিও মন্তব্য কৰে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ৷

ৰাজ্যৰ স্বাৰ্থত একেখন মঞ্চত প্ৰাক্তন বিদ্ৰোহী

লগতে পঢ়কঃপাটনাৰ আৰা ষ্টেচনৰ পৰা সন্ধানহীন বৰপেটাৰ পদ্মাপ্ৰসাদ দাস

Intro:বাক্সাৰ কুমাৰীকাটাত প্ৰাক্তন আলফা ঐক্য মঞ্চ আৰু শ্বহীদ পৰিয়ালৰ বিটিএডিৰ চাৰিখন জিলাৰ ৰাজুহুৱা সভা ।

Body:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত দক্ষিণ কুমাৰীকাটাৰ ৰাজুহুৱা প্ৰেক্ষাগৃহত প্ৰাক্তন আলফা ঐক্য মঞ্চ আৰু শ্বহীদ পৰিয়ালৰ বিটিএডিৰ চাৰিখন জিলাৰ ৰাজুহুৱা সভা অনুষ্ঠিত কৰা হয় । সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী,প্ৰাক্তন আলফাৰ নেতা অনুপ চেতিয়া ,ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী , বিটিচিৰ কাৰ্য্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰী, স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী । প্ৰাক্তন আলফাৰ নেতা অনুপ চেতিয়াই ভাষণ প্ৰসংগত কয় যে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিত থকা প্ৰাক্তন আলফা সকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু শ্বহীদ পৰিয়ালক বিটিচিৰ ফালৰ পৰা আৰ্থিক সাহাৰ্য্য আগবঢ়াবলৈ বিছাৰে যদিও বহু লোকে বেংকৰ সঠিক তথ্য দিব পৰা নাই বাবেই হয়তো ৰৈ গৈছে বহুতৰে বুলি কয়। তেওঁ লগতে কয় যে অসমীয়াৰ বিৰুদ্ধে থিয় দিয়া অপশক্তি সমূহক চিনাক্ত কৰিবলৈ আহ্বান জনায় । আনহাতে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই একালৰ সতীৰ্থ তথা বৰ্তমান ৫নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াক খোৰধাৰ সমালোচনা কৰি কয় যে তেওঁ বড়ো অবড়ো বাদ দিয়ক । বড়োসকল খিলঞ্জীয়া ,খিলঞ্জীয়া সকলৰ লগত নাথাকিলে অসম বিৰোধী তৃতীয় শক্তিয়ে সুবিধা গ্ৰহণ কৰিব বুলি কয় । তেওঁ যিহেতু এজন একালত আলফা আছিল এতিয়া সাংসদ হল তেওঁ কেতিয়াবা প্ৰাক্তন আলফা সকলৰ বিষয়ে কেতিয়াবা সদনত প্ৰশ্ন উৎত্থাপন কৰি পাইছেনে বুলি প্ৰশ্ন কৰে । লগতে তেওঁ বৰ্তমান যি খন এন আৰ চি চুড়ান্ত তালিকা প্ৰস্তুত হল সেইয়া ৰাইজক আচস্থ কৰিব নোৱাৰা এন আৰ চি বুলি কয় ।

Conclusion:আনহাতে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৰাইজক উদ্দেশ্যি প্ৰশ্ন কৰে যে বিটিচিত কি দুটাই জাতি আছে নেকি বড়ো, অবড়ো ? বড়ো সকলোক কোনোবাই ধ্বংস কৰিব বিছাৰিলেও কিন্তু বড়ো জাতি কেতিয়াও শেষ নহয় বুলি কয় । হীৰা শৰণীয়াই মোক সমালোচনা কৰিলেও মই তেওঁক কেতিয়াও সমালোচনা নকৰোঁ বুলি কয় । লগতে তেওঁ টিভিৰ পৰ্দাত বহি সমালোচনা কৰা অসমৰ বুদ্ধিজীৱী সকলৰ পৰা সাৱধান হৈছে থাকিবলৈ আহ্বান জনায় ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
Last Updated : Oct 18, 2019, 11:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.