ETV Bharat / state

মৰাপাগলাদিয়া নৈৰ মথাউৰি বান্ধিবলৈ ৰাইজৰ অপ্ৰাণ চেষ্টা

মৰাপাগলাদিয়া নৈৰ মথাউৰি চিঙি যোৱাত এতিয়া শংকিত হৈ পৰিছে নৈ পৰিয়া ৰাইজ ৷ ইতিমধ্যে ভঙা মথাউৰি বান্ধিবলৈ ৰাইজে অপ্ৰাণ চেষ্টা চলাইছে ৷

author img

By

Published : Jul 11, 2020, 4:19 PM IST

Erosion At Barma
মৰাপাগলাদিয়া নৈৰ মথাউৰি বান্ধিবলৈ ৰাইজৰ অপ্ৰাণ চেষ্টা

বৰমা,11 জুলাইঃ বাক্সা জিলাৰ বৰমা চাৰণপাৰা গাঁৱত মৰাপাগলাদিয়া নৈৰ বান্ধ চিঙি অঞ্চলতোত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে স্থানীয় লোকসকলক ৷ ইতিমধ্যে উক্ত বান্ধটো বান্ধিবলৈ ৰাইজে অপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে ৷

ৰাজ্যত দীৰ্ঘ দিন ধৰি নেৰা-নেপেৰা বৰষুণৰ ফলত ইতিমধ্যে বিভিন্ন জিলাত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বানত বানাক্ৰান্ত ৰাইজৰ ঘৰ দুৱাৰকে ধৰি বহু সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হয় ৷ ঠিক একেদৰে বাক্সা জিলাৰ বৰমাত চাৰণপাৰা গাঁৱত মৰাপাগলাদিয়া নৈৰ বান্ধ চিঙি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে স্থানীয় ৰাইজৰ ৷ ইতিমধ্যে উক্ত বান্ধটো ভেটিবলৈ অঞ্চলতোৰ ৰাইজে অশেষ চেষ্টা কৰিছে যদিও বান্ধটো বান্ধিব পৰা নাই ৷ উক্ত ঘটনাটোৰ বাবে এতিয়া শংকিত হৈ পৰিছে স্থানীয় লোক সকল ৷ আনহাতে,বৰমা ৰাজহ চক্ৰবিষয়াৰ লগতে টিহু বৰমা খণ্ড উন্নয়নৰ বিষয়ববীয়াই উপস্থিত হৈ ভঙা মথাউৰিটো নিৰীক্ষণ কৰিছে বুলি জানিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক- বেকী নদীত নাও দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.