বৰমা, ৪ মেঃ সোমবাৰে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভূটানখূটিৰ পৰা উদ্ধাৰ কৰা হয় এটা লুপ্তপ্ৰায় ট্ৰেগোপান চৰাই ৷ কেইজনমান যুৱকে চৰাইটো ধৰি বিক্ৰী কৰাৰ যো-জা কৰি থাকোটে মানাহ চৌচি খংখৰ ইকো টুৰিজিম চোছাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সদস্যই চৰাইটো উদ্ধাৰ কৰি ভূটানখুটিত থকা নিজ কাৰ্যালয়লৈ লৈ যায় ৷
আঘাতপ্ৰাপ্ত চৰাইটো পৰিচৰ্যা কৰাৰ পাছত দিহিৰা সংৰক্ষিত বনাঞ্চলত এৰি দিব বুলি জানিবলৈ দিয়ে স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি বিজয় চৌধুৰীয়ে ৷ উল্লেখ্য যে, প্ৰায় সত্তৰ চেন্টিমিটাৰ দৈৰ্ঘ্যৰ এই চৰাইবিধ বাঁহ গছত বাস কৰে ৷ দেখাত কুকুৰাৰ দৰে এই চৰাইবিধ বিশেষভাৱে হিমালয় অঞ্চলত দেখিবলৈ পোৱা যায় ৷