ETV Bharat / state

চাৰিদিনে অন্ধকাৰত বুৰ গৈ আছে গোৰেশ্বৰৰ এখন গাঁও

author img

By

Published : Jun 21, 2020, 5:09 AM IST

শনিবাৰে অঞ্চলটোৰ ৰাইজে ঘেৰাও কৰিলে গোৰেশ্বৰৰ বিদ্যুত বিভাগৰ উপ সংমণ্ডলৰ কাৰ্য্যলয় ৷ শিঘ্ৰই ট্ৰেঞ্চফ্ৰমাৰটো কাৰ্য্যক্ষম কৰাৰ দাবী গাঁওবাসীৰ ৷

Electricity problem at tamulpur
Electricity problem at tamulpur

তামুলপুৰ, 21 জুনঃ বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে চাৰিদিনে অন্ধকাৰত বুৰ গৈ আছে গোৰেশ্বৰৰ এখন গাঁও। তামুলপুৰ মহকুমাৰ অন্তৰ্গত বামুণ গাঁৱৰ হাজলপাৰাৰ ৰাইজে ভুগিছে এই দুৰ্ভোগ ৷

অভিযোগ অনুসৰি ৰঙিয়া বিদ্যুত সংমণ্ডলৰ অন্তৰ্গত গোৰেশ্বৰ বিদ্যুত উপ সংমণ্ডলৰ অধিনৰ বামুণ গাঁৱৰ ট্ৰেঞ্চফ্ৰমাৰটো এমাহ আগতে বিকল হৈছিল । এই ট্ৰেঞ্চফ্ৰমাৰটো কাৰ্য্যক্ষম কৰি দিয়াৰ বাবে গাঁও খনৰ ৰাইজৰ পৰা গেৰেশ্বৰ বিদ্যুত উপ সংমণ্ডলৰ কৰ্মচাৰী এগৰাকীয়ে এঘাৰ হাজাৰ টকা লয় আৰু ট্ৰেঞ্চফ্ৰমাৰটো কাৰ্য্যক্ষম কৰি দিয়ে । কিন্তু ট্ৰেঞ্চফ্ৰমাৰটো কাৰ্য্যক্ষম হোৱাৰ কেইদিনমান পিচতে আকৌ বিকল হয় পৰে ।

ট্ৰেঞ্চফ্ৰমাৰটো কাৰ্য্যক্ষম কৰাৰ দাবী গাঁওবাসীৰ

চাৰিদিন ধৰি ট্ৰেঞ্চফ্ৰমাৰটো বিকল হৈ আছে যাৰ বিনিময়ত গাঁও খনৰ ৰাইজ অন্ধকাৰত থাকিব লগীয়া হোৱাৰ লগতে বিভিন্ন অসুবিধাত পৰিছে ৷

গাঁওবাসীয়ে ট্ৰেঞ্চফৰমাৰটো কাৰ্য্যক্ষম কৰি দিবলৈ ৰঙিয়া সংমণ্ডলৰ অভিযন্তা ৰ লগতে কৰ্মচাৰী সকলক বহু অনুনয় বিনয় কৰিলে যদিও কোনো সুফল নাপালে ৷ সেয়ে শনিবাৰে অঞ্চলটোৰ ৰাইজে ঘেৰাও কৰিলে

গোৰেশ্বৰৰ বিদ্যুত বিভাগৰ উপ সংমণ্ডলৰ কাৰ্য্যলয় ৷
ইপিনে বিদ্যুতৰ মাচুলৰ নামতো বিভাগটোৱে ব্যাপক খেলিমেলিৰ সৃষ্টি কৰে বুলি উল্লেখ কৰে ৰাইজে ৷
লগতে পঢ়কঃ গুৱাহাটী মহানগৰীত সঘনে চিনাক্ত হৈছে কোভিড-19 আক্ৰান্ত ৰোগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.