ETV Bharat / state

গোৰেশ্বৰত গ্ৰাহকক মাধমাৰ শক্তি বিভাগৰ

author img

By

Published : Apr 23, 2020, 1:55 PM IST

সাধাৰণ ৰাইজে বুধবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে গোৰেশ্বৰৰ শক্তি বিভাগৰ গ্ৰাহক সেৱা কেন্দ্ৰত ৷ দুই-তিনিমাহ পৰ্যন্ত গ্ৰাহকলৈ প্ৰেৰণ নকৰে বিদ্যুৎ মাচুলৰ জাননী ৷

electricity problem at Baksa
গোৰেশ্বৰত গ্ৰাহকক মাধমাৰ শক্তি বিভাগৰ

বাক্সা, 23 এপ্ৰিলঃ মাচুল ঠিকেই লাগিব কিন্তু বিদ্যুতৰহে কোনো গেৰাণ্টি নাই ৷ এই ঘটনা বাক্সা জিলাৰ গোৰেশ্বৰৰ ৷ বিদ্যুতৰ লুকাভাকুত যদি এফালে ৰাইজ অতিষ্ঠ আনফালে আকৌ অতিষ্ঠ বিদ্যুতৰ মাচুলত ৷ কাৰণ বিভাগে নিজৰ মতে প্ৰস্তুত কৰে বিদ্যুৎ মাচুলৰ জাননী ৷ কিন্তু শক্তি বিভাগৰ এনে কাৰ্যক লৈ নিৰ্বিকাৰ দুৰ্নীতিৰ শূণ্যসহনশীলতাৰ কথা কোৱা ৰাজ্য চৰকাৰ ৷ গ্ৰাহকৰ অভিযোগ,শক্তি বিভাগে প্ৰায় দুই-তিনিমাহ পৰ্যন্ত গ্ৰাহকলৈ প্ৰেৰণ নকৰে বিদ্যুৎ মাচুলৰ ৰচিদ ৷ ইয়াৰ বিপৰীতে হঠাৎ সুতে-মুলে গ্ৰাহকলৈ বিভাগটোৱে প্ৰেৰণ কৰে পৰ্বতসম বিদ্যুতৰ মাচুল ৷ ইয়াৰ উপৰিও গ্ৰাহকৰ অজ্ঞাতে RC DC চাৰ্জৰ নামত ৪০০ টকাকৈ বিদ্যুতৰ বিলত সংযোগ কৰে বিদ্যুৎ বিভাগে ৷ যাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ ৰাইজে বুধবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে গোৰেশ্বৰৰ বিদ্যুৎ বিভাগৰ গ্ৰাহক সেৱা কেন্দ্ৰত ৷ ইপিনে গ্ৰাহকে বিভাগটোৰ সেৱা কেন্দ্ৰত থকা কৰ্মচাৰীসকলক প্ৰশ্নৰে থকা-সৰকা কৰে ৷ কিন্তু গ্ৰাহকৰ কোনো প্ৰশ্নৰে উত্তৰ দিব নোৱাৰিলে কৰ্মচাৰীসকলে ৷

গোৰেশ্বৰত গ্ৰাহকক মাধমাৰ শক্তি বিভাগৰ

আনহতে জিলাখনৰ তামুলপুৰ মহকুমা বিদ্যুৎ উপসংমণ্ডলৰো একেই অৱস্থা ৷ উপসংমণ্ডলটোৰ অন্তৰ্গত কুমাৰীকাটাৰ 2নং কালিপুৰত শক্তি বিভাগৰ হেমাহিৰ বাবে গাঁওবাসীয়ে বাঁহৰ খুটাত বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰি পোহৰাবলগীয়া হৈছে নিজৰ বাসগৃহ ৷ বিভাগটোক লিখিতভাৱে অভিযোগ দিয়াৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ এতিয়া কথা হ'ল গ্ৰাহকৰ অজ্ঞাতে নিজৰ মইমতালিৰে চলা এই বিভাগটোৰ ওপৰত চকু পৰিবনে চৰকাৰৰ ? নে এনেকৈয়ে চলি থাকিব বিভাগটো ?

লগতে পঢ়কঃলখিমপুৰত উপ সংমণ্ডল বিষয়াৰ বাসগৃহত ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.