ETV Bharat / state

ৰুষ্ট প্ৰকৃতি ! কাল ধুমুহাৰ তাণ্ডৱৰ ফলত ব্যাহত বিদ্যুৎ সেৱা

author img

By

Published : Apr 16, 2020, 12:34 PM IST

বৃহস্পতিবাৰৰ প্ৰৱল ধুমুহাৰ ফলত বাক্সা জিলাৰ দিঘেলীতো যথেষ্ট অনিষ্ট সাধন হয় ৷ জিলাখনৰ দিঘেলী অঞ্চলৰ সোমাজতে থকা বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰটোৰ ওপৰত এই ধুমুহাৰ ফলত গছ উভালি পৰাৰ ফলত যথেষ্ট ক্ষতিসাধন হয় ট্ৰেঞ্চফৰ্মাৰটোৰ ৷

electric-transformer-damaged-due-to-thunderstrom
ৰুষ্ট প্ৰকৃতি ! কাল ধুমুহাৰ তাণ্ডৱৰ ফলত ব্যাহত বিদ্যুৎ সেৱা

বৰমা, 16 এপ্ৰিল: ৰুষ্ট প্ৰকৃতি ! বৃহস্পতিবাৰে অসমত অহা এজাক ধুমহাৰ ফলত এতিয়া ৰাজ্যৰ বিভিন্ন স্থানত দৰিদ্ৰ জনতাৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় অৱস্থাৰ ৷ লক ডাউনৰ ফলত আৰ্থিক ভাৱে জুৰুলা হৈ পৰা বহু দুখীয়া পৰিয়ালৰ ঘৰ, কৃষিক্ষেত্ৰ আদিত এই কাল ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰাৰ খবৰ আহিছে ৷ দুবেলা দুমুঠি অন্ন যোগাৰ কৰিবলৈ অসমৰ্থ হোৱা বহু লোকৰ ঘৰৰ মুধচ,বেৰ আদি বতাহ-ধুমহাই উৰুৱাই নিয়াৰ ফলত সেই লোকসকলৰ এতিয়া তথৈবচ অৱস্থা ৷ ৰাজ্যৰ বিভিন্ন ঠাইত এই ধুমুহাই গছ-গছনি উভালি পেলোৱাৰ ফলত বিদ্যুতৰ তাঁৰ-খুটা আদিৰ ক্ষতিসাধন কৰাৰ খলত বৰ্তমান সময়লৈকে বহু ঠাইত ব্যাহত হৈ আছে বিদ্যুৎ সেৱা ৷ বৃহস্পতিবাৰৰ প্ৰৱল ধুমুহাৰ ফলত বাক্সা জিলাৰ দিঘেলীতো যথেষ্ট অনিষ্ট সাধন হয় ৷ জিলাখনৰ দিঘেলী অঞ্চলৰ সোঁমাজতে থকা বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰটোৰ ওপৰত এই ধুমুহাৰ ফলত গছ উভালি পৰাৰ ফলত ট্ৰেঞ্চফৰ্মাৰটোৰ যথেষ্ট ক্ষতিসাধন হয় ৷ যাৰ ফলত সম্প্ৰতি অঞ্চলটোত ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা ৷ বিদ্যুৎ সেৱা নথকাৰ ফলত লক ডাউনৰ বাবে ঘৰতে সোমাই থকা অঞ্চলটোৰ ৰাইজ চৰম অস্বস্তিত ভুগিবলগীয়া হৈছে ৷

লগতে পঢ়ক : অসমবাসীলৈ নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জুবিন গাৰ্গৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.