মুছলপুৰ, 20 মে' : মুছলপুৰত নিশা বাগৰি পৰিল এঘাৰ হাজাৰ ভল্টেজৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা ৷ গলডিং - আঠিয়াবাৰী পথৰ কাষৰ জলাশয়ত বিপদসংকুল অৱস্থাত বৰ্তমানেও পৰি আছে বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা ৷ বিদ্যুৎ খুঁটা আঁতৰাবলৈ ঘটনাস্থলীত উপস্থিত হোৱা নাই শক্তি বিভাগৰ কোনো লোক ৷
এঘাৰ হাজাৰ ভল্টেজৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা বাগৰি পৰাৰ ফলত যানবাহন চলাচল ব্যাহত হৈ পৰিছে অঞ্চলটোত ৷ পথটো অতিক্ৰম কৰি বিদ্যালয়-মহাবিদ্যালয়লৈ যাব পৰা নাই ছাত্ৰ-ছাত্ৰীও ৷ পোহনীয়া জীৱ-জন্তু বৈদ্যুতিক খুঁটাত লাগি মৃত্যু হ’ব পাৰে বুলিও শংকিত হৈ পৰিছে অঞ্চলবাসী ৷