ETV Bharat / state

বৰমাত নিৰ্দলীয় হিচাপে যুঁজিব ব্যৱসায়ী মৃদুল দাসে

author img

By

Published : Mar 16, 2021, 9:07 PM IST

৬২ নং বৰমাত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অংশ লব যুৱ ব্যৱসায়ী মৃদুল দাসে ৷ নিৰ্বাচনৰ বাবে সাজু হৈছে যুৱ ব্যৱসায়ী গৰাকী ৷

৬২নং বৰমাত নিৰ্দলীয় হিচাপে নিৰ্বাচনী যুঁজত যুৱ ব্যৱসায়ী মৃদুল দাস

বাক্সা,১৬ মাৰ্চ: বৰমা সমষ্টিত কেইবাটাও দল-সংগঠনৰ সমৰ্থনত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহিছে স্থানীয় যুৱ ব্যৱসায়ী মৃদুল দাস ৷ মঙলবাৰে এক সংবাদমেলৰ জৰিয়তে বৰমাত মৃদুল দাসে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা সদৰী কৰে ৷

সংবাদমেলযোগে দাসে কয় যে, বিগত পোন্ধৰ বছৰে বিপিএফৰ বিধায়কজনে সমষ্টিটোৰ উন্নয়ন কৰাত চৰম ব্যৰ্থ হৈছে ৷ সেয়ে ৰাইজে তথা বৰমা অঞ্চলৰ একাংশ দল-সংগঠনে তেওঁক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে ৷

বৰমাত নিৰ্দলীয় হিচাপে যুঁজিব ব্যৱসায়ী মৃদুল দাসে

বিশেষকৈ সমষ্টিটোৰ সামগ্ৰিক দিশত উন্নয়নৰ স্বাৰ্থত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহিছে ব্যৱসায়ী গৰাকী ৷ বৰমাৰ যুৱ ব্যৱসায়ী মৃদুল দাসে এই সমষ্টিটোৰ পৰা এইবাৰ নিশ্চিতভাৱে বিজয়ী হ'ব বুলিও দাবী কৰে ৷ উল্লেখ্য যে, ইতিমধ্যে বৰমা সমষ্টিৰ পৰা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়ায়েও নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে ৷

লগতে পঢ়ক: ৰাইজৰ দলৰ ৫ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.