বাক্সা,২০জুন: বাক্সা জিলাৰ গোৰেশ্বৰত দলং ভাঙি দুৰ্ঘটনাত পতিত হল AS-01KC-9470 নম্বৰৰ এখন শিল ভৰ্তি ডাম্পাৰ । অণ্ঠাইবাৰী অঞ্চলৰ যোগাযোগৰ বাবে ব্যৱহৃত হৈ আহিছিল একমাত্ৰ এই দলংখন । শনিবাৰে শিল ভৰ্তি ডাম্পাৰখন দলঙেৰে পাৰ হৈ যোৱাৰ সময়তে দলং ভাঙি দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতে দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । দুৰ্ঘটনাৰ কিছু সময় পাছতে ঘটনাস্থলীত ডাম্পাৰৰ স্বত্বাধিকাৰী উপস্থিত হোৱাৰ পাছত ব্যক্তিগৰাকীক জেৰা কৰি অধিক শিল কঢ়িয়াই অনাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱা বুলি কৈ জৱাবদিহি কৰে ক্ষুব্ধ ৰাইজে ৷


স্থানীয় ৰাইজে ডাম্পাৰ খনৰ স্বত্বাধিকাৰী গৰাকীক দলংখন পুনৰ নিৰ্মাণ কৰি দিবলৈকো দাবী জনায় । ইফালে ডাম্পাৰৰ স্বত্বাধিকাৰীয়ে শিল কুঁৱেৰীৰ মহলদাৰ সকলৰ লগত আলোচনা কৰিহে দলং নিৰ্মাণৰ সিদ্ধান্ত লোৱা হ'ব বুলি জনালে যদিও স্থানীয় ৰাইজ এই ভাষ্যত অধিক ক্ষুদ্ধ হৈ পৰা পৰিলক্ষিত হয়। পথটোৰে অত্যাধিক পৰিমানত শিল বালি কঢ়িয়াই আনি দলং পাৰ হোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা অভিযোগ তুলিছে স্থানীয় ৰাইজে ।
লগতে চাওকঃ চীনৰ বিৰুদ্ধে বৰপেটাত উত্তাল প্ৰতিবাদ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ