ETV Bharat / state

Ayushman Bhava campaign:বাক্সাত আয়ুষ্মান ভৱ অভিযান সন্দৰ্ভত জিলা আয়ুক্তৰ সংবাদমেল

দ্ৰৌপদী মূৰ্মুৱে 13 ছেপ্টেম্বৰত ‘আয়ুষ্মান ভৱ’ অভিযান ভাৰ্চুৱেলী মুকলি কৰে ৷ এই আয়ুষ্মান ভৱ অভিযান সন্দৰ্ভত জিলাই জিলাই অনুষ্ঠিত হৈছে সংবাদমেল ৷

District Commissioner's press conference on Ayushman Bhava campaign in Baksa
সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 4:09 PM IST

সংবাদমেল

বাক্সা, ১৬ ছেপ্টেম্বৰ : স্বাস্থ্য সেৱাৰ আঁচনিসমূহক প্ৰমূল্যবোধেৰে সংপৃক্তকৰণৰ উদ্দেশ্যেৰে চলিত বৰ্ষৰ ১৩ ছেপ্টেম্বৰত ডিজেটেল মাধ্যমেৰে সমগ্ৰ দেশতে আয়ুষ্মান ভৱঃ অভিযানৰ শুভাৰম্ভ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে । ইয়াৰে অংশ হিচাপে অহা ১৭ ছেপ্টেম্বৰত বাক্সা জিলাৰ সদৰ মুছলপুৰস্থিত ডা: ৰবি বড়ো অসামৰিক চিকিৎসালয়ৰ চৌহদতো জিলাভিত্তিক আয়ুষ্মান ভৱঃ অভিযানৰ শুভাৰম্ভণি কৰা হ’ব ৷

District Commissioner's press conference on Ayushman Bhava campaign in Baksa
সংবাদমেল

এই উপলক্ষে শনিবাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেলৰ আয়োজন কৰা হয় ৷ সংবাদমেলত উপস্থিত থাকি জিলা আয়ুক্ত মাচন্দা পাৰ্টিনে স্বাস্থ্য সেৱাৰ সুবিধা আৰু আঁচনিসমূহ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকে যাতে সহজতে লাভ কৰিব পাৰে তাৰে প্ৰচেষ্টাৰে আয়ুষ্মান ভৱঃ অভিযানৰ পৰিকল্পনা হাতত লোৱা হৈছে বুলি উল্লেখ কৰে । তেওঁ কয় যে স্বাস্থ্য সেৱাক প্ৰণালীবদ্ধ প্ৰচেষ্টাৰে ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে গ্ৰহণ কৰা আয়ুষ্মান ভৱঃৰ পদক্ষেপে প্ৰকৃতাৰ্থত ৰাইজৰ উপকাৰ সাধন কৰিব ।

শক্তিশালী ভাৰতবৰ্ষ আৰু সুৰক্ষিত অসমৰ ভৱিষ্যতৰ সপোন বাস্তৱায়িত কৰাৰ বাবে এই অভিযান এক মাইলৰ খুঁটিৰূপে পৰিগণিত হ’ব ৷ সংবাদমেলত বাক্সা জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনোৱা হয় আয়ুষ্মান ভৱঃ অভিযানৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী জনআৰোগ্য যোজনা তথা মুখ্যমন্ত্ৰী জন-আৰোগ্য যোজনাৰ অধীনত আয়ুষ্মান ভাৰত কাৰ্ডসমূহৰ বিতৰণ, আভা পৰিচয় ক্ৰমাংক তৈয়াৰ কৰা, সংক্ৰমিত-অসংক্ৰমিত ৰোগ নিৰ্ণয়কৰণ, মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ ওপৰত গুৰুত্বৰ প্ৰদান কৰা, যক্ষ্মা ৰোগ নিৰ্মূলকৰণৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা আৰু পৰীক্ষাৰ ওপৰত জোৰ দিয়াকে আদি কৰি বিভিন্ন সম্বন্ধীয় বিষয় সাঙুৰি লোৱা হৈছে । এই অভিযানৰ কাৰ্যসূচীৰ অন্তর্গত প্ৰতিটো সামূহিক স্বাস্থ্য কেন্দ্ৰ তথা প্ৰতিটো স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত স্বাস্থ্য মেলাৰ আয়োজন কৰা হ’ব ।

ইয়াৰোপৰি স্বাস্থ্য মেলাসমূহত ৰাইজক স্বাস্থ্য সন্মত বিধি-বিধান যেনে টীকাকৰণ, পুষ্টিকৰ খাদ্য, প্ৰাক প্ৰসৱকালীন পৰীক্ষা, এনিমিয়া, পুষ্টিহীনতাত ভোগা শিশুৰ চিনাক্তকৰণ, বয়োজ্যেষ্ঠজনৰ চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাকে আদি কৰি বিভিন্ন চিকিৎসা সম্বন্ধীয় পৰামৰ্শ প্ৰদান কৰা হ’ব ৷ আনহাতে এই অভিযানৰ লগত সংগতি ৰাখি দুই অক্টোবৰত প্ৰতিটো গ্ৰাম সভাত সভা অনুষ্ঠিত কৰা হ’ব ৷ এই সভাসমূহত ডি এইছ এচ এন চি (গাঁও স্বাস্থ্য অনাময় আৰু পুষ্টি সমিতি), জন আৰোগ্য সমিতি আদিৰ জৰিয়তে গ্ৰাম সভাত স্বাস্থ্য বিষয়ক আলোচনা আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনিসমূহৰ দ্বাৰা ৰাইজৰ কল্যাণৰ দিশত অনুসৰণ কৰা হ’ব ।

জিলা স্বাস্থ্য বিভাগে লগতে জনায় যে আয়ুষ্মান ভৱঃ অভিযানৰ যোগেদি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হ’ব আৰু অংগদানৰ শপত লোৱা হ’ব । এই ক্ষেত্ৰত ৰাইজক ৰক্তদান আৰু অংগদানৰ ওপৰত সজাগ কৰি এই মহান কাৰ্যৰ অংশীদাৰ হোৱাৰ বাবে অনুপ্ৰাণিত কৰা হ’ব । আজিৰ এই সংবাদমেলত জিলাখনৰ অতিৰিক্ত আয়ুক্ত(স্বাস্থ্য) ডাঃ দীপাংকৰ নাথ, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডা: মনোজ কুমাৰ দাস, স্বাস্থ্য বিভাগৰ জিলা আঁচনি বিষয়া ধ্ৰুৱজ্যোতি শইকীয়া, জিলা গণমাধ্যম বিশেষজ্ঞ প্ৰশান্ত কুমাৰ দত্তকে ধৰি বিভাগটোৰ কেবাগৰাকীও বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক : Ayushman Bhava campaign:দৰঙৰ জিলা আয়ুক্তৰ 'আয়ুষ্মান ভৱ' অভিযান বিষয়ক সংবাদমেল

Ayushman Bhava campaign:তিনিচুকীয়াত ‘আয়ুষ্মান ভৱ’ অভিযান সন্দৰ্ভত সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.