ETV Bharat / state

20 জুনঃ সতীৰ্থই সুঁৱৰিলে কলাগুৰুক - bishnu prashad rabha

আজি 20 জুন..কলাগুৰুৰ মৃত্যুবাৰ্ষিকী..এখন গাঁও আৰু বিষ্ণু প্ৰসাদ ৰাভা... 20 জুন আহিলেই নষ্টালজিক হৈ পৰে গাঁওখনৰ লোকসকল.. কাৰণ গাঁওখনৰ লগত আছে কমৰেড বিষ্ণু প্ৰসাদ ৰাভাৰ এক আত্মিক সম্পৰ্ক

20 জুনঃ সতীৰ্থই শুৱৰিলে কলাগুৰুক
author img

By

Published : Jun 20, 2019, 10:26 AM IST

যিখন গাঁৱত থাকি বিষ্ণু ৰাভাই ভাৰতৰ স্বাধীনতাক ভুৱা বুলি ঘোষণা কৰি উৰুৱাইছিল ত্ৰিৰংগাৰ সলনি ক'লা পতাকা, তাৰ স্বাক্ষৰ বহন কৰিছে সতীৰ্থ অগিন ৰামছিয়াৰীয়ে.. ৰাভাৰ স'তে থাকি অজ্ঞাত বাস কৰাৰ কথা আজিও সোঁৱৰে ৰামছিয়াৰীয়ে... এই সন্দৰ্ভত চাওঁক ই টিভি ভাৰতৰ এক প্ৰতিবেদন....

20 জুনঃ সতীৰ্থই শুৱৰিলে কলাগুৰুক

যিখন গাঁৱত থাকি বিষ্ণু ৰাভাই ভাৰতৰ স্বাধীনতাক ভুৱা বুলি ঘোষণা কৰি উৰুৱাইছিল ত্ৰিৰংগাৰ সলনি ক'লা পতাকা, তাৰ স্বাক্ষৰ বহন কৰিছে সতীৰ্থ অগিন ৰামছিয়াৰীয়ে.. ৰাভাৰ স'তে থাকি অজ্ঞাত বাস কৰাৰ কথা আজিও সোঁৱৰে ৰামছিয়াৰীয়ে... এই সন্দৰ্ভত চাওঁক ই টিভি ভাৰতৰ এক প্ৰতিবেদন....

20 জুনঃ সতীৰ্থই শুৱৰিলে কলাগুৰুক
Intro:বিষ্ণু ৰাভাৰ মৃত্যু বাৰ্ষিকিি পালনৰ প্ৰস্তুতিBody:বিষ্ণু ৰাভা আৰু এখন গাঁও
য'ত ৰাভাই ক'লা পতাকা উত্তোলন কৰি হুংকাৰ দিছিল " ইয়ে আজাদী যুথা হেয়"

বৰমা, ১৯ জুনঃ
O.C-- এখন গাঁও আৰু বিষ্ণু ৰাভা ৷ বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথি আহিলেই গাঁওখনৰ লোকসকল নষ্টালজিক হৈ পৰে ৷ গাঁওখনৰ লগত আছে কমৰেড বিষ্ণু প্ৰসাদ ৰাভাৰ এক আত্মিক সম্পৰ্ক ৷ যিখন গাঁওত থাকিয়ে বিষ্ণু ৰাভাই ভাৰতৰ স্বাধীনতাক ভূৱা বুলি ঘোষনা কৰি উৰুৱাইছিল ত্ৰিৰংগাৰ সলনি ক' লা পতাকা ৷
V.O.1...কাইলৈ ৰাভা দিৱস ৷ সমগ্ৰ ৰাজ্যখনতে পালিত হব বিপ্লৱী সৈনিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস ৷ বাক্সা জিলাৰ দীঘেলীতো উদযাপিত হব ৰাভাৰ মৃত্যু দিৱস ৷ কিয়নো এইখন দীঘেলী গাঁওতে থাকি বিপ্লৱী সৈনিক বিষ্ণুপ্ৰসাদ ৰাভাই সৰ্বহাৰা দৰিদ্ৰ জনগণৰ মুক্তিৰ হকে চলাই গৈছিল মুক্তিৰ আন্দোলন ৷ গাঁওখনৰ প্ৰতিটো পৰিয়ালতে থাকি সৈনিক শিল্পী ৰাভাই চৰকাৰ বিৰোধী আন্দোলনত জপিয়াই পৰিছিল ৷ বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰ অন্তৰ্গত দীঘেলীত ৰাভাই ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতৰ স্বাধীনতাক ভূৱা আখ্যা দি ত্ৰিৰংগা পতাকাৰ সলনি উৰুৱাইছিল ক'লা পতাকা ৷ "ইয়ে আজাদী যুথা হেয়" বুলি গৰজি উঠিছিল বিপ্লৱী সৈনিক বিষ্ণু ৰাভাই ৷ আজিও তাৰ স্বাক্ষৰ বহন কৰি আহিছে অগিন ৰামছিয়াৰী নামৰ সতীৰ্থ এজনে ৷ ৰাভা সতে থাকি অজ্ঞাত বাস কৰাৰ কথা আজিও সোৱৰে তেওঁ ৷ চৰকাৰী সাহায্যৰ পৰাও বঞ্চিত অগিন ৰামছিয়াৰীয়ে ৷ গাঁওৰ লোকসকলেও সেইসময়ত সম্মুখীন হৈছিল সেনা আৰু আৰক্ষীৰ নিৰ্যাতনৰ ৷ যিখন গাঁৱে আজিও স্বাক্ষৰ বহন কৰি আহিছে ইতিহাসৰ ৷ বিপ্লৱী সৈনিক কমৰেড বিষ্ণু ৰাভাৰ কৰ্মময় জীৱনৰ সোণালী ইতিহাস ৷ তাকে সুঁৱৰি আজিও ৰোমাঞ্চিত হৈ পৰে দীঘেলীবাসী ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷

Conclusion:বিষ্ণু ৰাভাৰ সতীৰ্থৰ বাইকঃ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.