ETV Bharat / state

বিটিচি পৰিষদীয় নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবীত দল সংগঠনৰ প্ৰতিবাদ

author img

By

Published : Oct 2, 2020, 12:15 PM IST

বিটিচি পৰিষদীয় নিৰ্বাচন অতি শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবীত আৰু বিটিআৰ চুক্তিৰ বিৰোধিতাৰে অবড়ো সুৰক্ষা সমিতিয়ে ঘোষণা কৰিছে এক প্ৰতিবাদী কাৰ্যসূচী ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে বৃহস্পতিবাৰে অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীয়ে যৌথভাৱে এক সংবাদমেল সম্বোধন কৰে ৷ ইয়াৰ উপৰিও বিপিএফ দলৰ উদ্যোগতো উলিওৱা হয় বিশাল বাইক ৰেলী ৷

Different political parties protest to held BTC election soon
বিটিচি পৰিষদীয় নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবীত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ

নিউজ ডেক্স, 2 অক্টোবৰঃ বিটিচি পৰিষদীয় নিৰ্বাচন অতি শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবীত আৰু বিটিআৰ চুক্তিৰ বিৰোধিতাৰে অবড়ো সুৰক্ষা সমিতিয়ে ঘোষণা কৰিছে এক প্ৰতিবাদী কাৰ্যসূচী ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে বৃহস্পতিবাৰে অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীয়ে যৌথভাৱে এক সংবাদমেল সম্বোধন কৰে ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এই সংবাদমেল সম্বোধন কৰি দুয়োটা সংগঠনৰ নেতৃবৃন্দই এই আন্দোলন কাৰ্যসূচী ঘোষণা কৰি 2 অক্টোবৰৰ সন্ধিয়া মমবাতি জ্বলাই প্ৰতিবাদ কৰাৰ লগতে অহা 5 অক্টোবৰত শালবাৰী মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰাৰ কথাও ঘোষণা কৰে ৷ ইয়াৰ উপৰিও অহা 9 অক্টোবৰত প্ৰতিবাদী বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰিব সংগঠন দুটাৰ নেতৃবৃন্দই ৷

উল্লেখ্য যে, বৃহস্পতিবাৰৰ সংবাদমেলত গণ সুৰক্ষা পাৰ্টিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভাস্কৰ কলিতা আৰু অবড়ো সুৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি গুলজাৰ হুছেইনে শাসকীয় বিজেপি চৰকাৰ খনক তীব্ৰ সমালোচনা কৰে ৷ বিটিচিত বিপিএফৰ ১৭ বছৰীয়া শাসনকালত কৰা পৰ্বতসম দুৰ্নীতিৰ টকা বিপিএফে চমৎকাৰী ৰাজনৈতিক প্ৰচাৰ অভিযানত ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে । একেদৰে এন ডি এফ বিৰ ধনদাবীৰ টকাৰে ইউ পি পি এল দলে নিৰ্বাচনী প্ৰচাৰ চলাইছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠন দুটাই । উক্ত সংবাদমেলত লগতে উপস্থিত থাকে শালবাৰী সমষ্টিৰ গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী চক্ৰধৰ দাস আৰু মথনগুৰী সমষ্টিৰ প্ৰাৰ্থী ইব্ৰাহীম আলীৰ লগতে কেইবাজনো অবড়ো নেতা কৰ্মী ৷

আনহাতে, 27 অক্টোবৰৰ পূৰ্বে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বৃহস্পতিবাৰে এক বিশাল বাইক ৰেলী উলিয়ায় বিপিএফ দলে ৷ মথনগুৰী ব্লক বিপিএফৰ যুৱ সমিতি আৰু বড়োলেণ্ড ছাত্ৰ সন্থাৰ উদ্যোগত উলিওৱা এই বাইক ৰেলীত মথনগুৰী সমষ্টিৰ প্ৰায় পাঁচ শতাধিক যুৱকে অংশগ্ৰহণ কৰে ৷ বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন হোৱাৰে পৰা বিগত ছমাহ কাল ধৰি বিটিচিত কোনো ধৰণৰ উন্নয়ন হোৱা নাই বুলি অভিযোগ উত্থাপন কৰি বিপিএফৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদে নিৰ্বাচন আয়োগক অতি শীঘ্ৰে বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক-গান্ধী জয়ন্তী উপলক্ষে ইটিভি ভাৰত অসমৰ বিশেষ শ্ৰদ্ধাৰ্ঘ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.