বাক্সা,27 এপ্ৰিলঃ কৰ'ণা মহামাৰীয়ে সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাতো সংহাৰী ৰূপ লৈছে ৷ এই ৰোগ প্ৰতিৰোধ কৰিবলৈ সস্তম হৈ পৰিছে স্বাস্থ্য বিভাগৰ লগতে প্ৰশাসন ৷ সমান্তৰালকৈ বাক্সা জিলাতো যাতে এই কৰণা ৰোগ প্ৰতিৰোধ কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি মঙলৰবাৰৰ পৰা সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত পাঠদান বন্ধ ৰাখিবলৈ এক জাননী যোগে নিষেধাজ্ঞা জাৰি কৰিছে উপায়ুক্ত ৰঞ্জন শৰ্মাই ৷
ইতিমধ্যে জিলাখনত কৰ'ণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ১৩১ জনলৈ বৃদ্ধি পাইছে ৷ সেয়েহে বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ সকলো বিদ্যালয়ৰে পাঠদান বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰে ৷
উপায়ুক্ত গৰাকীয়ে নিৰ্দেশনাটোত অনলাইন যোগে ছাত্ৰ-ছাত্ৰী সকলক পাঠদান আগবঢ়াবলৈ বিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায় ৷ লগতে সামাজিক দূৰত্ব বজাই সকলোকে মাস্ক পৰিধাণ কৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে বিনা কাৰণত যাতে কোনো লোকে ঘৰৰ পৰা নোলায়, তাৰ বাবে ৰাইজলৈ আহ্বান জনাইছে উপায়ুক্ত গৰাকীয়ে ৷