ETV Bharat / state

বাক্সাৰ বৰনদীত এজনৰ সলিল সমাধি - Men drowned in bornodi Baksha

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গুৱাবাৰীৰ হস্তীনাপুৰত আজি পুনৰ দিনৰ ভাগত পানী পৰি এটা মৃত্যু । গাঁওখনৰ সীমান্তৰে বৈ যোৱা বৰনদীৰ পানী যুৱলীত উদ্ধাৰ হয় মৃতদেহটো ।

বাক্সাৰ বৰনদীত এজনৰ সলিল সমাধি
author img

By

Published : Jul 27, 2019, 7:24 PM IST

বাক্সা,27 জুলাইঃ বাক্সাৰ গুৱাবাৰীৰ বৰনদীৰ প্ৰৱাল সোঁতত পৰি সলিল সমাধি ঘটিল এজনৰ ৷ জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গুৱাবাৰীৰ হস্তীনাপুৰত আজি দিনৰ ভাগত পানী পৰি কৰুণ মৃত্যু ঘটে এজন ব্যক্তিৰ ৷ মৃতলোকজনৰ নাম চোত্ৰ বাহাদুৰ ছেত্ৰী আৰু বয়স প্ৰায় ৪১ বছৰ বুলি জানিব পৰা গৈছে ৷ জানিব পৰামতে, বিশেষভাৱে সক্ষম লোকজনে আজি নৈৰ পাৰত গৰু এৰাল দিবলৈ গৈছিল । কিন্তু দুৰ্ভাগ্যজনক ভাবে তেওঁ পিছলি গৈ নৈ খনত পৰে আৰু নৈৰ তীব্ৰ সোঁতে তেওঁক উটুৱাই লৈ যায় । গুৱাবাৰীৰ পৰা উটি আহি হস্তীনাপুৰত পানী যুৱলীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহটো । ঘটনাৰ খবৰ পায়েই নাগ্ৰীজুলি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

ETV BHARAT ASSAM

Intro:পুণৰ বাক্সাৰ গুৱাবাৰীৰ বৰনদীৰ সোতত পৰি এজনৰ মৃত্যু ।Body:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গুৱাবাৰীৰ হস্তীনাপুৰত আজি পুনৰ দিনৰ ভাগত পানী পৰি এটা মৃত্যু । গাঁওখনৰ সীমান্তৰে বৈ যোৱা বৰনদীৰ পানী যুৱলীত উদ্ধাৰ হয় মৃতদেহটো । বৰনদীৰ বুকুত পিছলি পৰি মৃত্যু চোত্ৰ বাহাদুৰ ছেত্ৰী নামৰ প্ৰায় ৪১ বছৰীয়া লোকজনৰ । জানিব পৰা মতে বিশেষভাৱে সক্ষম এই লোকজনে আজি নৈৰ পাৰত গৰু এৰাল দিবলৈ গৈছিল । কিন্তু দুৰ্ভাগ্যজনক ভাবে তেওঁ পিছলি গৈ নৈ খনত পৰে আৰু নৈৰ তীব্ৰ সোঁতে তেওঁক উটুৱাই লৈ যায় । গুৱাবাৰীৰ পৰা উটি আহি হস্তীনাপুৰত পানী যুৱলীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহটো। Conclusion:ইপিনে খবৰ পায়েই নাগ্ৰীজুলি আৰক্ষীৰ দল ঘটানস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । উল্লেখযোগ্য যে যোৱা দুদিন পূৰ্বে একেখিনি ঠাইত শংকৰ দাস নামৰ লোক এজন গৰা খহনীয়াত পৰি মৃত্যু মুখত পৰিছিল ।

ভাষ্য

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.