বৰমা,26 নৱেম্বৰ : বাক্সা জিলাৰ মুছলপুৰৰ খানেলিয়াচুপাত বৃহস্পতিবাৰে পুৱাৰ ভাগত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত খানেলিয়াচুপাৰ কেশৱ পাঠকৰ বুলি চিনাক্ত কৰা হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি,বুধবাৰে নিশা গাঁওৰে এজন মৃত লোকক সৎকাৰ কৰিবলৈ গৈছিল কেশৱ পাঠকে ৷ কিন্তু ঘৰলৈ উভতি অহাৰ পথতে সন্ধানহীন হৈছিল লোকজন ৷ নিশা বহু দেৰিলৈকে ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰিও সন্ধান নাপালে ৷
অৱশেষত গলদিং নৈৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় কেশৱ পাঠকৰ মৃতদেহ ৷ ইফালে ঘটনাক লৈ সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ কিন্তু মৃতদেহ সৎকাৰ কৰিবলৈ গৈ কেনেদৰে নৈত পৰিল তাক লৈ এতিয়া ৰহস্য়ৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক : নুমলীগড় শোধনাগাৰৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ