ETV Bharat / state

দৰং আৰক্ষীৰ জালত প্ৰতিষ্ঠিত ব্যৱসায়ীসহ ডকাইতৰ গেং

চোৰাং ব্যৱসায়ীৰ ৰম্যভুমিলৈ পৰিণত হৈছে বাক্সাৰ বৰমা ৷ নিশা ৰাষ্ট্ৰীয় ঘাইপথত বাহন আগচি ধৰি লুট-পাত চলাই ডকাইটৰ দলটোৱে ৷ দৰং আৰক্ষীয়ে অভিযান চলাই আটক কৰিলে 6 জনীয়া ডকাইতৰ দল ৷

author img

By

Published : Feb 23, 2020, 4:44 PM IST

darrang police caught a robbery gang in baksa
দৰং আৰক্ষীয়ে অভিযান চলাই আটক কৰিলে 6 জনীয়া ডকাইতৰ দল

বাক্সা , 23 ফ্ৰেব্ৰুৱাৰীঃ দৰং আৰক্ষীৰ জালত পৰিল প্ৰতিষ্ঠিত ব্যৱসায়ীসহ চোৰাং ব্যৱসায়ীৰ গেং ৷ ডকাইতৰ গেংটোৰ বিৰুদ্ধে আছে ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰি সন্ত্ৰাস সৃষ্টি কৰাৰ অভিযোগ ৷ প্ৰাপ্ত তথ্য মতে , বিগত জানুৱাৰী মাহৰ ১৪ আৰু ২৯ আৰু 14 ফেব্ৰুবাৰীত দৰং আৰক্ষী থানাৰ অন্তৰ্গত নাৰিকলিমন্দিৰৰ সমীপৰ পৰা ডকাইতৰ দলে ৰাষ্ট্ৰীয় ঘাই পথত ট্ৰাক আগচি ধৰি ট্ৰাকৰ পৰা লুট কৰিছিল বৃহৎ পৰিমানৰ ৰড, ইলেকট্ৰিকৰ মুল্যবান সামগ্ৰী আৰু টিনপাত ৷

ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰি সন্ত্ৰাস সৃষ্টি কৰা ডকাইতৰ গেংটোক আটক কৰাৰ বাবে দৰং আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল ৷ তদন্তৰ অন্তত বাক্সা জিলাৰ পশ্চিম দিৰিঙাপুৰৰ মিৰাজুল আলী আৰু খায়েৰুল আলীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ দুই ধৃত ডকাইতৰ স্বীকাৰোক্তিৰ ভিত্তিত বাক্সাৰ বৰমাৰ পৰা বৰমা আৰক্ষীৰ সহযোগত দৰং অতিৰীক্ত আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতীম বৰুৱাৰ নেতৃত্বত অহা আৰক্ষীৰ দলে আটক কৰে বৰমাৰ বিশিষ্ট ব্যৱসায়ী সুনন্দ বৰ্মন, জয় চৌধুৰীকে ধৰি কেবাজনো ক্ৰেতাক ৷ দৰং আৰক্ষীয়ে আটক কৰা হাই প্ৰফাইল ব্যৱসায়ী সকলক দৰং আৰক্ষী থানালৈ লৈ যোৱা হয় ৷ ডকাইতৰ লগত জড়িত চোৰাং ব্যৱসায়ীৰ বৃহৎ গেংটোক উৎখাত কৰাৰ বাবে দৰং আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰখাৰ কথা সদৰি কৰে দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে ৷

লগতে পঢ়কঃCAA ৰ বিৰুদ্ধে প্ৰতিবাদত অভিনেত্ৰী তথা চিকিৎসক ডাঃ তাৰা শ্বেতা আৰ্য

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.