ETV Bharat / state

বাক্সাত প্ৰাপ্য ধন বিচাৰি সমূহীয়া সেৱা কেন্দ্ৰৰ পৰিচালকৰ ঘৰত ভিৰ স্থানীয় লোকৰ - তামুলপুৰৰ কাউলী

প্ৰাপ্য ধন উলিয়াব নোৱাৰাকৈয়ে সেৱা কেন্দ্ৰৰ পৰা বিফল মনে উভতিব লগা হৈছে বহু লোক ৷

Crisis situation at Tamulpur CSP officer house for money
বাক্সাত প্ৰাপ্য ধন বিচাৰি সমূহীয়া সেৱা কেন্দ্ৰৰ পৰিচালকৰ ঘৰত ভিৰ স্থানীয় লোকৰ
author img

By

Published : Apr 18, 2020, 5:38 PM IST

বাক্সা, 18 এপ্ৰিল: কৰ'ণা মহামাৰীৰ বাবে দেশজুৰি অব্যাহত থকা লক ডাউনৰ বাবে নানান বিপদৰ সন্মুখীন হ'ব লগীয়া হৈছে দেশৰ লাখ লাখ দৰিদ্ৰ পৰিয়াল ৷ অসমতো আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে বহু সাধাৰণ দৰিদ্ৰ পৰিয়াল ৷ তেনে সময়তে চৰকাৰে সেই সকল লোকৰ সহায়ৰ বাবে বেংক একাউন্টত জমা কৰি দিছে 500 টকাৰ এক সাহাৰ্য ৷ কিন্তু সেই ধনৰাশি উলিয়াবৰ বাবে ৰাজ্যৰ বিভিন্ন সমূহীয়া সেৱা কেন্দ্ৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাইজৰ ৷ প্ৰাপ্য ধন উলিয়াব নোৱাৰাকৈয়ে সেৱা কেন্দ্ৰৰ পৰা বিফল মনে উভতিব লগা হৈছে বহু লোক ৷

বাক্সাত প্ৰাপ্য ধন বিচাৰি সমূহীয়া সেৱা কেন্দ্ৰৰ পৰিচালকৰ ঘৰত ভিৰ স্থানীয় লোকৰ

উল্লেখ্য যে,বাক্সাৰ তামুলপুৰৰ কাউলীৰ চন্দনপুৰস্থিত সমূহীয়া সেৱা কেন্দ্ৰৰ বিষয়া মদন দাসে দৰিদ্ৰ লোক সকলক টকা মোকলাই নিদিয়াক লৈ শুকুৰবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ কেন্দ্ৰত গ্ৰাহক উপস্থিত হোৱাৰ পিছতো কেন্দ্ৰটো বন্ধ হৈ থকাত বাবে মদন দাসৰ বাসগৃহত উপস্থিত হৈ ভিৰ কৰা একাংশ স্থানীয় মহিলাই ৷ দৈনিক দূৰ দূৰণিৰ পৰা অহা লোক সকলে নিজৰ প্ৰাপ্য ধন উলিয়াব নোৱাৰি বিফল মনে উভতিছে শ শ লোক ৷

লগতে পঢ়কঃ লকডাউনৰ নিয়ম অমান্য কৰি গ্ৰেপ্তাৰ এম্বুলেন্স চালক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.