ETV Bharat / state

দীঘেলীত চিপিআইএমৰ দাবী দিৱস পালন - বিপ্লৱৰ কঠিয়াতলী

দীঘেলীত শুকুৰবাৰে বিয়লি ৰাজ্য চৰকাৰে "কা" বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ কৰা ৰাজনৈতিক বন্দীক মুক্তি দিয়াৰ প্ৰতিবাদ সাব্যস্ত কৰে চিপিআইএম দলে ৷ লগতে দুখীয়া লোকক চাউল-দাইলকে ধৰি খাদ্য সামগ্ৰী যোগান ধৰাৰ উপৰি বানত ক্ষতিগ্ৰস্ত কৃষকক বীজ-সাৰ আদি যোগান ধৰিবলৈও বিভিন্ন শ্ল'গানেৰে দীঘেলীৰ পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷

CPIM protest in digheli
CPIM protest in digheli
author img

By

Published : Jul 11, 2020, 5:18 AM IST

বৰমা, ১০জুলাই : কলাগুৰু বিষ্ণু ৰাভাৰ বিপ্লৱৰ কঠিয়াতলী খ্যাত দীঘেলীত শুকুৰবাৰে বিয়লি ৰাজ্য চৰকাৰে "কা" বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ কৰা ৰাজনৈতিক বন্দীক মুক্তি দিয়াৰ প্ৰতিবাদ সাব্যস্ত কৰে চিপিআইএম দলে ৷ লগতে কাৰাবন্দীৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা বাবেও দাবী তোলে দলটোৱে ৷ চিপিআইএমৰ টিহু আঞ্চলিক কমিটিৰ উদ্যোগত বিশিষ্ট বাঁওপন্থী নেতা কৰুণা কলিতাৰ নেতৃত্বত অনুষ্ঠিত উক্ত কাৰ্যসূচীত চিপিআইএমৰ নেতা যোগেন বৰ্মন, ইমৰান হুছেইন, মধুসূধন কলিতাই অংশ গ্ৰহণ কৰে ৷ ইয়াৰোপৰি অনুষ্ঠানটোত উপস্থিত থাকে টিহু আঞ্চলিক কৃষক সভাৰ সভাপতি দেৰাজুদ্দিন আহমেদ, উপসভাপতি মইনুল হ'ক আৰু সম্পাদক মনি ভট্ট, চিটুৰ দীঘেলী আঞ্চলিক কমিটিৰ সম্পাদক তপন বড়ো, নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিৰ নেত্রী লিলি কলিতা, কণিকা বৰ্মন, ভাৰতৰ গণতান্ত্রিক যুৱ ফেডাৰেছনৰ আঞ্চলিক সভাপতি দীনেশ কলিতাকে ধৰি অৰ্ধ শতাধিক চিপিআইএমৰ নেতা-কৰ্মীয়ে ৷

দীঘেলীত চিপিআইএমৰ দাবী দিৱস পালন

মাক্স পৰিধান আৰু শাৰীৰিক ব্যৱধান বজায় ৰাখি হাতে হাতে ফেষ্টুন লৈ 'কা' বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ কৰা কৃষক মুক্তিৰ নেতা অখিল গগৈ , ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল, দেবাংগণা কলিতাকে ধৰি সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়াৰ বাবে চৰকাৰলৈ দাবী জনায় ৷ কাৰাবাসত থকা ব্যক্তিক নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনায় প্ৰতিবাদকাৰী সকলে ৷

দুখীয়া লোকক চাউল-দাইলকে ধৰি খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত কৃষকক বীজ-সাৰ আদি যোগান ধৰিবলৈও বিভিন্ন শ্ল'গানেৰে দীঘেলীৰ পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷ প্ৰতিবাদী কাৰ্যসূচীত বাওপন্থী নেতা কৰুণা কলিতাই বগা ভাত চটিয়াই কাউৰীক সন্তুষ্ট কৰিব খোজাৰ দৰে সাধাৰণ সাহায্য দি চৰকাৰে দুখীয়া লোকসকলক সন্তুষ্ট কৰিব বিচাৰে বুলি চৰকাৰক কঠোৰ সমালোচনা কৰে ৷ বিজেপি চৰকাৰৰ এনে জনবিৰোধী নীতিৰ তীব্ৰ সমালোচনা কৰি দেশৰ পৰা বিজেপিক বিদায় দিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে ৷

লগতে পঢ়ক : অখিল গগৈক মুক্তিৰ দাবীৰে চিপিআই (এম)ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.