ETV Bharat / state

বাক্সাত ক’ভিড ১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ - COVID

বাক্সা জিলাত প্ৰথম পৰ্যায়ত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ৯৯ গৰাকী আৰু বৰমা আদৰ্শ চিকিৎসালয়ত ১২৬ গৰাকী ব্যক্তিক প্ৰতিষেধক প্ৰদান কৰা হ’ব ৷

covid vacacine start at baksa
বাক্সাত ক’ভিড ১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ
author img

By

Published : Jan 16, 2021, 5:35 PM IST

বাক্সা,১৬ জানুৱাৰী: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাতো শনিবাৰৰে পৰা আৰম্ভ হৈছে ক’ভিড ১৯ টীকাকৰণৰ প্ৰক্ৰিয়া ৷ বাক্সাৰ মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত আজি জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই আনুষ্ঠানিকভাৱে টীকাকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে ৷ উল্লেখ্য যে, বাক্সা জিলাত প্ৰথম পৰ্যায়ত ২২৫ গৰাকী ব্যক্তিক ক’ভিশ্বিল্ড প্ৰতিষেধক দিয়া হ’ব ৷

covid vacacine start at baksa
বাক্সাত ক’ভিড ১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ

ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ড৹ সুভাষ শৰ্মাই জানিবলৈ দিয়া মতে, চিকিৎসালয়খনত ৯৯ গৰাকী আৰু বৰমা আদৰ্শ চিকিৎসালয়ত ১২৬ গৰাকী ব্যক্তিক প্ৰথম পৰ্যায়ত প্ৰতিষেধক প্ৰদান কৰা হ’ব ৷ আজি আনুষ্ঠানিকভাৱে দহগৰাকী ব্যক্তিক এই প্ৰতিষেধক দিয়া হয় ৷ চিকিৎসকগৰাকীয়ে ক’ভিশ্বিল্ড প্ৰতিষেধকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া নকৰে বুলিও জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : জালুকবাৰীত কংগ্ৰেছ প্ৰতিবাদকাৰীৰে হতাহতি আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.