বাক্সা,25 এপ্ৰিল: অন্য প্ৰান্তৰ লেখীয়াকৈ বাক্সাতো বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ ৷ জিলাখনৰ স্বাস্থ্য বিভাগে জনোৱা তথ্য অনুসৰি, জিলাখনত শেহতীয়াকৈ ক’ভিডত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰে শতকৰ ঘৰ ৷ ইয়াৰ বিপৰীতে এতিয়ালৈকে জিলাখনত ক’ভিডত মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে দুগৰাকী ৷ লগতে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা 35 গৰাকী ৷ বৰ্তমান জিলাখনত থকা সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে 73 গৰাকী ৷
আনহাতে, শনিবাৰৰ দিনটোত বাক্সাত 10 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ আক্ৰান্ত হোৱা 6 গৰাকী ৰোগীক সুস্থ হোৱাৰ পাচত ঘৰলৈ যাবলৈ দিয়া বুলি বিভাগীয় সূত্ৰই সদৰী কৰে ৷
লগতে পঢ়ক : অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব ডিকমৰ বজাৰ