বাক্সা, 17 আগষ্ট : দেশত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড-19 ত আক্ৰান্ত লোক ৷ প্ৰতিদিনে নতুনকৈ হাজাৰ হাজাৰ লোক এই ভাইৰাছত আক্ৰান্ত হৈছে ৷ সোমবাৰে বাক্সা জিলাৰ 39 বছৰীয়া এগৰাকী যুৱক ক'ভিড-19 ত আক্ৰান্ত হৈ হায়দৰাবাদত মৃত্যু বৰণ কৰিছে ৷
তথ্য অনুসৰি, কৰ্মসংস্থাপন বিচাৰি গৈ ক'ভিড-19 ত আক্ৰান্ত হৈ বহিঃৰাজ্যত মৃত্যু হৈছে বাক্সাৰ মুছলপুৰ মহকুমাৰ ভালুকদঙা শিংৰাপাৰাৰ সোণেশ্বৰ স্বৰ্গীয়াৰী নামৰ 39 বছৰীয়া যুৱকজনৰ ৷ বিগত 6 বছৰৰ পৰা চিকন্দ্ৰাবাদৰ ফাষ্ট মেন মেনেজমেন্ট চাৰ্ভিচ প্ৰা: লি: নামৰ ব্যক্তিগত কোম্পেনীটোত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল সোণেশ্বৰ স্বৰ্গীয়াৰী ৷ ঘৰলৈ আহি পুনৰ ফেব্ৰুৱাৰী মাহত কৰ্মত যোগদান কৰিছিল সোনেশ্বৰে ৷ কৰ'ণা সংক্ৰমনৰ মাজতো নিজকে হায়দৰাবাদত নিৰাপদ বুলি ভাবি ঘৰলৈ অহা নাছিল সোনেশ্বৰে ৷ কিন্তু শেষত কৰ্মস্থলিতে ক'ভিড-19 ত আক্ৰান্ত হৈ গান্ধী মেমৰিয়েল ক'ভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যুৱকজন ৷
উল্লেখ্য যে, শনিবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় সোণেশ্বৰৰ ৷ সোনেশ্বৰৰ মৃত্যুৰ বাতৰি লাভ কৰি কান্দোনত ভাগি পৰিছে পত্নী-পুত্ৰ ,মাতৃ আৰু অসংখ্য গুনমুগ্ধ ৷ তেওঁৰ নশ্বৰ দেহ শেষবাৰৰ কাৰনে চোৱাৰ হেঁপাহ আছিল পৰিয়ালৰ ৷ অসম চৰকাৰক এইখিনি সুবিধা কৰি দিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে ৷
লগতে পঢ়ক : সুশান্তৰ বাবে কৰা প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিলে 10 লাখতকৈ অধিক লোকে