বৰমা,8 ছেপ্তেম্বৰ: বাক্সা জিলাৰ মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত সোমবাৰে এগৰাকী কৰ’ণাত আক্ৰান্ত প্ৰসূতিয়ে জন্ম দিয়ে এটি সুস্থ নৱজাতক ৷ প্ৰাপ্ত তথ্য অনুসৰি, শালবাৰী ৰূপহীৰ বাসিন্দা সুস্মিতা বড়ো নামৰ মহিলাগৰাকীয়ে জন্ম দিয়ে সন্তানটি ৷ ডাঃ মধুৰাম বড়োৰ নেতৃত্বত জন্ম হোৱা শিশুটি এতিয়া সম্পূৰ্ণ সুস্থ আৰু কোভিড 19 নিগেটিভ বুলি চিকিৎসালয় কৰ্তৃপক্ষই সদৰি কৰিছে ৷
উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সাতো এতিয়ালৈকে 1,936 গৰাকী ব্যক্তিৰ শৰীৰত ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰিছে ৷ ইয়াৰে 731 গৰাকী ৰোগী বৰ্তমান চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 11 গৰাকীৰ মৃত্যু ঘটিছে ৷
লগতে চাওকঃ বিশ্ব সাক্ষৰতা দিৱস : 85.9 শতাংশৰে ভাৰতৰ ভিতৰতে পঞ্চম স্থানত অসম