ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে শোকপ্ৰকাশ মুন সিং ব্ৰহ্মৰ

author img

By

Published : Nov 24, 2020, 6:31 PM IST

ৰাজ্যত তিনিদিনীয়া শোক পালনৰ মাজতো বিটিআৰত অব্যাহত নিৰ্বাচনী প্ৰচাৰ সভা ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোকপ্ৰকাশ বিটিচি 23 নং দিহিৰা পৰিষদীয় সমষ্টিবাসীৰ ৷

Condolence death of tarun gogoi in election campaign baksa assam etv bharat news
তৰুণ গগৈৰ মৃত্যু

বাক্সা,24 নৱেম্বৰ: সহজ-সৰল ব্যক্তিত্বৰে ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সোমবাৰে বাৰ্ধক্যজনিত কাৰণত মৃত্যু ঘটে ৷ গগৈৰ মৃত্যুত ৰাজ্যত তিনিদিনীয়া শোক পালন কৰা হৈছে ৷ লগতে প্ৰায়বোৰ দল-সংগঠনে বাতিল কৰিছে পূৰ্ব নিৰ্ধাৰিত সকলো কাৰ্যসূচী ৷

মৌন প্ৰাৰ্থনাৰে শোক প্ৰকাশ

কিন্তু ইয়াৰ মাজতে বিটিআৰত চলি থকা দেখা যায় নিৰ্বাচনী প্ৰচাৰ সভা ৷ ৰাজনৈতিক দল ইউপিপিএলে তৰুণ গগৈৰ মৃত্যুৰ বাবে এদিনলৈ সকলো কাৰ্যসূচী বাতিল কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী মুন সিং ব্ৰহ্ময়ে মঙলবাৰে বাক্সাৰ 23 নং বিটিচি দিহিৰা পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৷ থমনাত অনুষ্ঠিত উক্ত সভাতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বিদেহী আত্মাৰ সদগতিৰ অৰ্থে উপস্থিত জনসাধাৰণে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ৷

লগতে চাওকঃ ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.