ETV Bharat / state

ভাৰত-ভূটান সীমান্তৰ পাটকীজুলিত ভাৰতীয় সেনাৰ চাইকেল বিতৰণ

author img

By

Published : Nov 12, 2021, 9:54 AM IST

ভাৰতীয় সেনা বাহিনীৰ 'ৰেড হৰ্ণ ডিভিজন'ৰ উদ্যোগত অপাৰেচন সদ্ভাৱনাৰ অধীনত বৃহস্পতিবাৰে তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ পাটকীজুলি হাইস্কুলত এক অনুষ্ঠান অনুস্থিত হয় ৷ উক্ত অনুষ্ঠানটোত 30 গৰাকী দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰা হয় ৷

commendable-steps-taken-by-indian-army-at-patkijuli-on-indo-bhutan-border
ভাৰত-ভূটান সীমান্তৰ পাটকীজুলিত ভাৰতীয় সেনা বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ

বাক্সা , 12 নৱেম্বৰ : ভাৰতীয় সেনা বাহিনীৰ 'ৰেড হৰ্ণ ডিভিজন'ৰ উদ্যোগত অপাৰেচন সদ্ভাৱনাৰ অধীনত বৃহস্পতিবাৰে তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ পাটকীজুলি হাইস্কুলত এক অনুষ্ঠান অনুস্থিত হয় ৷ উক্ত অনুষ্ঠানটোত 30 গৰাকী দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰা হয় ৷

এই চাইকেল বিতৰণ অনুষ্ঠানটি মুকলি কৰে ৰেড হৰ্ণ ডিভিজনৰ মেজৰ অংকিত সিং বানিয়ে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল বিতৰণ কৰি মেজৰ অংকিত সিং বানিয়ে কয় যে, অপাৰেচন সদ্ভাৱনাৰ অধীনত ভাৰতীয় সেনা বাহিনীয়ে 1998 বৰ্ষৰ পৰা সীমান্ত অঞ্চলৰ পিছপৰা ৰাইজৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন উন্নয়নমূলক কাম কৰি আহিছে ৷

তাৰেই অংশ হিচাপে ভূটান সীমান্তৰ পাটকীজুলি অঞ্চলৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল বিতৰণ কাৰ্যসুচী হাতত লোৱা হৈছে ৷ যাতে তেওঁলোকে বিদ্যালয়ত সঠিক সময়ত উপস্থিত হৈ ভালদৰে শিক্ষা গ্ৰহণ কৰিব পাৰে ৷

বৃহস্পতিবাৰে অনুস্থিত হৈ যোৱা এই অনুষ্ঠানটোত দৰং গামেল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল দলে, পাটকীজূলী হাইস্কুলৰ প্ৰধান মিছাইল মোছাহাৰীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : IPS Ananda Mishra বাহিনীলৈ লাঠী লৈ চোচা ল’লে কোনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.