বাক্সা,15 ফেব্ৰুৱাৰী: বাক্সা জিলাৰ বৰমাৰ জুলি মৈদানত সোমবাৰে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত তথা অসম যুৱ উন্নয়ন অভিযান সমিটিৰ অধীনত নিৰ্মিত খেল পথাৰৰ শুভ উদ্বোধন কৰা হয় ৷ খেল পথাৰৰ শুভ উদ্বোধন কৰে 62 নং বৰমা বিধানসভা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই ৷
![cms-playground-inagurated-at-baksa](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10641970_891_10641970_1613409988267.png)
উল্লেখ্য যে,20 লাখ টকাৰে খেলুৱৈৰ ড্ৰেছিংৰুম,খেলপথাৰৰ চাৰিওপিনৰ ৱালৰ লগতে খেলপথাৰখন মেৰামতি কৰা হয় ৷ খেল পথাৰৰ শুভ উদ্বোধন অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন প্ৰীতি ফুটবল খেলৰো আয়োজন কৰে উদ্যোক্তা সকলে ৷
লগতে পঢ়কঃ গুৱাহাটীত সৰস্বতী পূজাৰ ব্যাপক প্ৰস্তুতি