বাক্সা, 20 ফেব্ৰুৱাৰী: দৰিদ্ৰ শ্ৰণীৰ লোকক সকাহ দিয়াৰ বাবে সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে । দীৰ্ঘদিন ধৰি সুৱনখাটা অঞ্চলত শিল ভঙা কামত নিয়োজিত হৈ পৰিয়ালক পোহপাল দিয়া কাৰ্য সঁচাই বেদনাদায়ক । এই মন্তব্য কৰে বাক্সা জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই।
![বাক্সা জিলা প্ৰশাসনৰ শীতকালীন বস্ত্ৰ বিতৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-baksa-cloth-distribution-vis1-to-vis7-as10029_19022021191702_1902f_1613742422_970.jpg)
উল্লেখযোগ্য যে, শুকুৰবাৰে শীতকালীন বস্ত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকি মাৰোৱাৰী যুৱ মঞ্চ, বঙাইগাওঁৰ আইপিপি মনীষ লাখোটিয়াই কয় যে, মাৰোৱাৰী যুৱ মঞ্চই সমাজত বহু লোকক সহায় সহযোগ কৰি এক মানৱীয়তা প্ৰদৰ্শণ কৰি আহিছে । ৰক্ত দানকে ধৰি বহু সামাজিক কাম কৰাৰ দৰে আজি সুৱনখাটাতো দৰিদ্ৰ লোকৰ মাজত শীতকালীন বস্ত্ৰ বিতৰণৰ কাম হাতত লোৱা হয় । প্ৰবীন সাংবাদিক মহেশ্বৰ বৰ্মনেও তেখেতৰ ভাষণত ১৯৮০ চনৰ পৰা সুৱনখাটা অঞ্চলৰ দুৰৱস্থাৰ বিষয়ে বিস্তৃত্ব ভাৱে কয় ।
ইয়াৰ পিছতে সুৱনখাটাৰ পঞ্চাশ গৰাকী লোকক আনুষ্ঠানিকভাৱে কম্বল বিতৰণ কৰে বাক্সা জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই । এই অনুষ্ঠানত মাৰোৱাৰী যুৱ মঞ্চ, বঙাইগাঁৱৰ আহ্বায়ক মনোজ হাৰলালকা, বাক্সা ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া মনোজ দলে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুছলপুৰৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নিৰ্মল নাথ আদি উপস্থিত থাকে।
লগতে পঢ়কঃ বৰপেটাবাসীক বাংলাদেশী বোলা অভিনেত্ৰীৰ পুনৰ আগমন