ETV Bharat / state

পথ নিৰ্মাণক লৈ সৰব বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰ বিশ্বাস

author img

By

Published : Aug 13, 2020, 10:55 PM IST

বিটিচিৰ অধিসূচনা জাৰি হৈ থকা সময়ছোৱাত কাউলী-কুমাৰীকাটা পথৰ মেৰামতিৰ কামক লৈ সৰৱ স্থানীয় একাংশ লোক । তামুলপুৰ মহকুমাৰ অন্তৰ্গত কাউলী-কুমাৰীকাটা জৰাজীৰ্ণ পথছোৱা মেৰামতিৰ কাম আৰম্ভ কৰাত সৰৱ হৈ পৰিছে স্থানীয় একাংশ ৰাইজ । নিৰ্বাচন আচৰণ বিধি বলবৎ হৈ থকা সময়ত পুনৰ পথচোৱাৰ মেৰামতিৰ কাম কিদৰে সম্ভৱ হৈ উঠিল ইয়াক লৈয়া প্ৰশ্ন উত্থাপন কৰে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰ বিশ্বাসে ৷

clash in road repairing in baksa
clash in road repairing in baksa

বাক্সা, 13 আগষ্ট : বিটিচিত ৰাজ্যপাল শাসন অব্যাহত থকাৰ সময়তে বিটিচি নিৰ্বাচনৰ বাবে নিৰ্বাচন আচৰণ বিধি বলৱৎ হৈ আছে ৷ তাৰ মাজতে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কাউলী-কুমাৰীকাটা জৰাজীৰ্ণ পথছোৱা মেৰামতিৰ কাম আৰম্ভ কৰাত সৰৱ হৈ পৰিছে স্থানীয় একাংশ ৰাইজ । বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰ বিশ্বাসে প্ৰকাশ কৰা মতে, বিগত সময়চোৱাত কুমাৰীকাটা-কাউলী-গুৱাবাৰী সংযোগী পথচোৱাত দুবাৰকৈ উন্নয়নৰ ঠিকা লাভ কৰাৰ পাচতো আজিলৈ পথটোৰ মেৰামতিৰ সম্পূৰ্ণ হৈ নুঠিল ।

কিন্তু কিছু দিন পূৰ্বে হঠাৎ পথচোৱাৰ মেৰামতি কাম আৰম্ভ কৰাত স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰোপৰি নিৰ্বাচন আচৰণ বিধি বলবৎ হৈ থকা সময়ত পুনৰ পথচোৱাৰ মেৰামতিৰ কাম কিদৰে সম্ভৱ হৈ উঠিল ইয়াক লৈয়া প্ৰশ্ন উত্থাপন কৰে বিশ্বাসে । উক্ত অঞ্চলৰ লোক সকল অতি সহজ সৰল বাবে আভুৱা ভৰা কিছুমান কামৰ নমুনা দাঙি ধৰাৰ উপৰিও বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে পথচোৱা মেৰামতি কৰি ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ চেষ্টা কৰিছে বুলি বিশ্বাসে মন্তব্য কৰে ।

clash in road repairing in baksa
বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰ বিশ্বাস

ইপিনে আজি ৰবীন্দ্ৰ বিশ্বাসৰ নেতৃত্বত স্থানীয় একাংশ লোকে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি পথচোৱাৰ মেৰামতি কৰি থকা কাৰ্যৰ তদন্ত কৰিবলৈ নিৰ্বাচন আযোগৰ লগতে ৰাজ্যপাল আৰু জিলা প্ৰশাসনিক বিষয়া সকলক আহ্বান জনায় ।

লগতে পঢ়ক : আদালতৰ কাম নিয়মীয়াকৰণৰ দাবীত ৰাজ্যজুৰি উকীলসন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.