বাক্সা,20 ডিচেম্বৰঃ আপুনি প্ৰাকৃতিকভাৱে থকা বিভিন্ন আকৃতিৰ শিল দেখিছে ৷ শিলাময় পাহাৰো দেখিছে, কিন্তু বিদেশত পোৱাৰ দৰে বা সম্ভ্ৰান্ত লোকৰ ঘৰৰ দ্ৰয়িং ৰূমত সজাই থোৱা গোলাকৃতিৰ সুন্দৰ শিল প্ৰাকৃতিক ভাৱে হয়তো দেখা নাই ৷
আমি আপোনাক তেনেকুৱাই এবিধ শিল ৷ যি সমূহ শিল আন শিলতকৈ পৃথক আকৃতিৰ ক্ষেত্ৰত ৷ তাৰবাবে আপুনি যাব লাগিব বাক্সাৰ ভাৰত ভূটান সীমান্তৰ এডোখৰ ঠাইলৈ ৷ য'ত প্ৰাকৃতিকভাৱে পোৱা যায় গোলাকৃতিৰ শিল ৷
বাক্সাত পোৱা যায় এবিধ বিশেষ শিল... ভূটানৰ পাহাৰৰ মাজেৰে বৈ অহা এই নদীখনত থকা প্ৰায়বোৰ শিলেই গোলাকৃতিৰ৷ বাক্সাৰ বগাজুলী আমলাইগুৰী গাঁৱৰ ভাৰত ভূটান সীমান্তত ওচৰত এই গোলাকাৰ আকৃতিৰ শিলসমূহ দেখিবলৈ পোৱা যায় ৷ কিয়,কি কাৰণত ইয়াৰ শিল সমূহ গোলাকৃতি তথা আন শিলতকৈ পৃথক সেয়া স্থানীয় ৰাইজৰ বাবে দুৰ্বোধ্য ৷ কিয়নো ভৌগলিক অৱস্থিতি বা আন কি কাৰণত পৃথক শিলসমূহ সেয়া ভূতত্ব বিদসকলেহে ক'ব পাৰিব ৷ কিন্তু গোল গোল এই শিল সমূহে দৃষ্টি আকৰ্ষণ কৰি আহিছে পৰ্যটকসকলক ৷ বহুতে দ্ৰয়িং ৰূম শুৱনি কৰিবলৈ ইয়াৰ পৰা গোলাকৃতিৰ শিল লৈ যায় ৷
লগতে পঢ়কঃৰাজ্যত মুকলি কৰি দিয়া হ'ল ম'বাইল ইণ্টাৰনেট সেৱা