ETV Bharat / state

ৰাজ্যৰ উৰুকাৰ বজাৰে বজাৰে গ্ৰাহকৰ ভিৰ - fish-market

আজি হেঁপাহৰ ভোগালী বিহুৰ উৰুকা ৷ উৰুকাৰ নিশা এসাজ তৃপ্তিৰে খোৱাৰ বাবে বজাৰত ভিৰ কৰিছেহি অগণন লোকে ৷ মাছ,মাংস, গাহৰি,হাঁহেৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ সমূহ ৷

ৰাজ্যৰ উৰুকাৰ বজাৰে-বজাৰে গ্ৰাহকৰ ভিৰ
ৰাজ্যৰ উৰুকাৰ বজাৰে-বজাৰে গ্ৰাহকৰ ভিৰ
author img

By

Published : Jan 13, 2021, 2:23 PM IST

বাক্সা, তেজপুৰ,ধেমাজি,১৩ জানুৱাৰী : উৰুকাৰ নিশা মাছে-মঙহে এসাঁজ খাবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ ৰাজ্যৰ প্ৰতিখন বজাৰ ভৰি পৰিছে ভিন্ন মাছেৰে ৷ চিতল,বৰালী,আঁৰি,ভকুৱাই বিশেষ সমাদৰ লাভ কৰা দেখিবলৈ পোৱা গৈছে এইবাৰৰ বিহুৰ বজাৰত ৷

ৰাজ্যৰ উৰুকাৰ বজাৰে-বজাৰে গ্ৰাহকৰ ভিৰ
ৰাজ্যৰ উৰুকাৰ বজাৰে-বজাৰে গ্ৰাহকৰ ভিৰ

মাছৰ সমান্তৰালকৈ বজাৰত আছে মাংসৰো চাহিদাও ৷ বাক্সাৰ বৰমা বজাৰত উৰুকাৰ দিনা মাংসৰ বিপণীত দেখিবলৈ পোৱা যায় গ্ৰাহকৰ ভিৰ ৷ বজাৰখনত পঠা ছাগলীৰ মূল্য প্ৰতি কিলোত ৮০০/- টকা, বৰালি মাছৰ প্ৰতি কিলোত ৮০০/- টকাৰ পৰা ১২০০/- টকা ৷ গাহৰি মাংসৰ দাম প্ৰতি কিলোত ৩০০/- টকা, হাঁহ গোটে 500-600 টকা ৷

ৰাজ্যৰ উৰুকাৰ বজাৰে-বজাৰে গ্ৰাহকৰ ভিৰ
ৰাজ্যৰ উৰুকাৰ বজাৰে-বজাৰে গ্ৰাহকৰ ভিৰ

ইফালে, উৰুকাৰ দিনা লগে-ভাগে এসাঁজ খোৱাৰ উদ্দেশ্যৰে বিভিন্ন বজাৰ আৰু বিলত হেতা ওপৰা লাগিছে বিভিন্নজনৰ ৷ বিশেষকৈ ধেমাজিৰ বুটিকোৰ তিনিঠেঙীয়া বিলত উঠিছে মাছৰ উজান ৷ বিলৰ জালত উঠিছে ৰৌ ,বৰালি,চিতল ৷ সেয়ে বিলৰ জীয়া মাছ ক্ৰয় কৰিবলৈ ভিৰ কৰিছেহি অগণন গ্ৰাহকে ৷

ৰাজ্যৰ উৰুকাৰ বজাৰে-বজাৰে গ্ৰাহকৰ ভিৰ

তেজপুৰ চহৰৰ মাছৰ বজাৰতো ভিৰ কৰিছেহি অগণন লোকে ৷ চহৰখনৰ বজাৰ সমূহত আৰি 1000/ চিতল, 2000/ , বৰালি 1800 ,ৰৌ 600 টকাকৈ প্ৰতি কিলোগ্ৰামত বিক্ৰী হয় ৷

ৰাজ্যৰ উৰুকাৰ বজাৰে-বজাৰে গ্ৰাহকৰ ভিৰ

অন্য এক খবৰৰ বাবে: সন্তোষ পাণ্ডেৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.