ETV Bharat / state

NDFB ৰ প্ৰাক্তন সদস্যক ৪ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান অসম চৰকাৰৰ - বড়োভূমিৰ উন্নয়ন

তামুলপুৰৰ বৰখাটা দুৰ্গা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত সভাত ১,১০৫ গৰাকী NDFB প্ৰাক্তন সদস্যক ৪ লাখ টকাকৈ আৰ্থিক সাহাৰ্য(Distribition of Financial Grant) প্ৰদান কৰে । ইয়াৰ 17 গৰাকীক আনুষ্ঠানিকভাৱে এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰে মুথ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Financial Grant to Former members of NDFB
NDFB প্ৰাক্তন সদস্যক ৪ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান অসম চৰকাৰৰ
author img

By

Published : Dec 5, 2021, 8:19 PM IST

বাক্সা, ৫ ডিচেম্বৰ : ২০২০ চনৰ ২৭ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু এনডিএফবিৰ মাজত হোৱা শান্তি চুক্তি অনুসৰি এনডিএফবি সদস্য সকলক পুনৰ সংস্থাপন দিয়াৰ বাবে যি চুক্তি আছিল বাস্তৱায়িত কৰাৰ কাৰণে চৰকাৰে ইতিমধ্যে হাতত লৈছে (Boro peace act 2020) ৷ চুক্তি অনুসৰি মূল সূঁতিলৈ প্ৰত্যাৱৰ্তন হোৱা এনডিএফবি সকলৰ কাৰণে চৰকাৰে আৰ্থিক সাহাৰ্য দিয়া বাবে প্ৰস্তুতি আৰম্ভ কৰিছে (Financial Grant to Former members of NDFB) ৷

NDFB প্ৰাক্তন সদস্যক ৪ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান অসম চৰকাৰৰ

সেই অনুসৰি, দেওবাৰে তামুলপুৰৰ বৰখাটা দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত সভাত ১,১০৫ গৰাকী NDFB প্ৰাক্তন সদস্যক ৪ লাখ টকাকৈ আৰ্থিক সাহাৰ্য(Distribition of Financial Grant) প্ৰদান কৰে । ইয়াৰ পৰৱৰ্তী সময়ত কোকৰাঝাৰত পুনৰ এনডিএফবিৰ একাংশ সদস্যক আৰ্থিক সাহাৰ্য প্ৰদান কৰিব ৷ দেওবাৰে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে ১৭ জন সদস্যক এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰে ।

সভাত বাক্সা জিলা প্ৰশাসনৰ ভিজন ডকুমেন্টতো মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই ভাষণত নৰেন্দ্ৰ মোডী আৰু ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহক অসমবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰি কয় যে, সময়ৰ লগে লগে যিদৰে ৰাজনৈতিক পৰিৱৰ্তন হয়, ঠিক সেইদৰে ভৌগলিক পৰিৱৰ্তন হয় ৷ ১৯৮৫ চনৰ অসম আৰু আজিৰ অসমৰ মাজত পাৰ্থক্য আছে ।

অসমৰ মানচিত্ৰৰ ভিতৰত থাকিও বড়োভূমিৰ উন্নয়ন সম্ভৱ । বড়ো ভাষাই এতিয়া মৰ্যদা পাইছে । অসম অসামৰিক পৰীক্ষাতো বড়ো ভাষাত প্ৰশ্নকাকতৰ কথা চিন্তা কৰা হ'ব ৷ BTR ত ABSU, NDFBৰ সৈতে একেলগে কাম কৰি বিটিআৰ লৈ স্থায়ী শান্তি ঘূৰাই আনিবলৈ চেষ্টা কৰা হৈছে । ইফালে এন ডি এফ বিৰ সদস্যৰ বিৰুদ্ধে ৪২৭ টা গোচৰৰ ২৭৪ টা গোচৰ প্ৰত্যাহাৰ কৰা হৈছে আৰু বাকী গোচৰসমূহো প্ৰত্যাহাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে ।

অসমে চাহৰ বাহিৰে আন সামগ্ৰীসমূহ অসমৰ বাহিৰৰ পৰা আনে ৷ গতিকে সামগ্ৰী উৎপাদন বৃদ্ধি কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে । অৰ্থনৈতিক বিপ্লৱে NDFB ৰ ৪০০০ সদস্যই নতুন অসম গঢ়ি তুলিব পাৰিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে । আনহাতে, ভাষণৰ প্ৰসংগত বিটিচিৰ প্ৰধান প্ৰমোদ বড়োৱে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত যোৱা দুইদিনত ২৭০০ এনডিএফবিৰ সদস্যই পুনৰ সংস্থাপন কৰিব ৷

লগতে পঢ়ক: পৌৰসভা নিৰ্বাচনত অগপৰে মিত্ৰতা নকৰে বৰপেটা জিলা বিজেপিয়ে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.