বাক্সা,4 অক্টোবৰ: নতুন সাহিত্য পৰিষদ নলবাৰী জিলা সমিতিৰ উদ্যোগত দেওবাৰে বৰমাত বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমৰ বিশিষ্ট সাহিত্যিক শশী শৰ্মাৰ ৯১ তম ওপজা দিন উদযাপন কৰা হয় । এই উপলক্ষে সাহিত্যিক গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সাহিত্যিক বিপিন চন্দ্ৰ কলিতাই । সাহিত্যিক শশী শৰ্মাৰ জীৱনৰ ওপৰত আলোকপাত কৰে শিক্ষাবিদ ড৹ ফণীধৰ তালুকদাৰে ।
শশী শৰ্মাৰ জন্মদিন আৰু সাহিত্যিক সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে সাহিত্য পৰিষদৰ জিলা সমিতিৰ সভাপতি হাতেম আলীয়ে । সভাৰ উদ্যেশ্য ব্যাখ্যা কৰে জিলা সমিতিৰ সম্পাদিকা তৰুলতা বৈশ্যই । সভাত শশী শৰ্মাৰ বিষয়ে বক্তব্য ৰাখে শিক্ষা বিষয়া মিলন দাস, খগেন বৰ্মন, তুলসী মানস ৰাভা ,কামপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষ হৰ্ষমোহন শৰ্মা, বিপিন চন্দ্ৰ কলিতা, লোহিত হালৈ, সাংবাদিক দিলীপ কুমাৰ হালৈ, কৃষ্ণ হালৈ আদিয়ে ।
দেওবাৰৰ এই অনুষ্ঠানতে বৰমাৰ এগৰাকী বিশিষ্ট সাহিত্যিক তথা কেইবাখনো গ্ৰন্থৰ প্ৰণেতা বিপিন চন্দ্ৰ কলিতাক জিলা সাহিত্য পৰিষদ নলবাৰী জিলা সমিতিৰ পৰা মানপত্ৰ, শৰাই আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । এই সম্বৰ্ধনা সভাত আদ্যৰাণী মজুমদাৰ, অৰ্চনা ঠাকুৰীয়া, তৰুলতা বৈশ্য, হৈমন্তি পাঠক, খগেন বৰ্মন, তুলসী মানস ৰাভা আদিয়ে কবিতা পাঠ কৰে ৷
লগতে পঢ়ক: উত্তৰ প্ৰদেশৰ খেৰীত সংঘৰ্ষ : মন্ত্ৰী পুত্ৰৰ বাহনৰ তলত আহি 8 কৃষকৰ মৃত্যু