ETV Bharat / state

কৰ'ণাত বিপৰ্যস্ত ভূটানৰ ব্যৱসায়,পৰ্যটন উদ্যোগ - কৰ'ণাত ক্ষতিগ্ৰস্ত ভূটানৰ ব্যৱসায় আৰু পৰ্যটন উদ্যোগ

কৰ'ণা মহামাৰীৰ পূৰ্বে হোটেল ব্যৱসায়ত তেওঁ প্ৰতি দিনে ১৫ ৰ পৰা ২০ হাজাৰলৈ উপাৰ্জন কৰিছিল কিন্তু পৰ্যটকৰ অভাৱত দুৰ্যোগ নামি আহিছে জীৱনলৈ ৷ নিজৰ ধনেৰেই কৰ্মচাৰী সকলক দিবলগীয়া হৈছে মাহেকীয়া বেতন ৷

Business and tourism in Bhutan affected by the COVID 19
কৰ'ণা মহামাৰীত ক্ষতিগ্ৰস্ত ভূটানৰ ব্যৱসায় আৰু পৰ্যটন উদ্যোগ
author img

By

Published : Jul 17, 2020, 10:51 PM IST

বাক্সা,17 জুলাইঃ COVID19 ৰ ফলত স্তব্ধ সমগ্ৰ বিশ্বৰ জন জীৱন ৷ কিন্তু তেনে সময়তে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অপৰূপ সৌন্দৰ্যৰ আকৰ চুবুৰীয়া ৰাষ্ট্ৰ ভুটান ৷ প্ৰতি বছৰেই অৰণ্যাবৃত ভূটানৰ নিৰ্মল প্ৰাকৃতিক সৌন্দৰ্যই ৰিঙিয়াই মাতে পৰ্যটকক ৷ লক্ষ লক্ষ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ভূটান ৷ ইতিমধ্যে বিশ্ব পৰ্যটনৰ মানচিত্ৰতো উজলি উঠিছে হিমালয়ৰ পাদদেশত অৱস্থিত দেশ ভূটান।

কৰ'ণা মহামাৰীত ক্ষতিগ্ৰস্ত ভূটানৰ ব্যৱসায় আৰু পৰ্যটন উদ্যোগ

কিন্তু আজি স্তব্ধ ভূটান,নাই কোনো ভিৰ,নাই কোনো ব্যস্ততা ৷ যাৰ ফলত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰ্যটন উদ্যোগ ৷ বাদ পৰি যোৱা নাই ক্ষুদ্ৰ ব্যৱসায়ী পৰা আৰম্ভ কৰি হোটেল ব্যৱসায়ীও ৷

এই সন্দৰ্ভত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভূটান সীমান্তত অৱস্থিত বিটিচিৰ দৰঙাজুলী পৰিষদীয় সমষ্টিৰ এন কে দৰঙাৰ চিলভাৰ ড্ৰেগন হোটেলৰ স্বত্তাধিকাৰীয়ে ই টিভি ভাৰতৰ সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে,কৰ'ণা মহামাৰীৰ পূৰ্বে হোটেল ব্যৱসায়ত তেওঁ প্ৰতি দিনে ১৫ ৰ পৰা ২০ হাজাৰলৈ উপাৰ্জন কৰিছিল কিন্তু পৰ্যটকৰ অভাৱত দুৰ্যোগ নামি আহিছে জীৱনলৈ ৷ নিজৰ ধনেৰেই কৰ্মচাৰী সকলক দিবলগীয়া হৈছে মাহেকীয়া বেতন ৷

উল্লেখযোগ্য যে, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে ২০২০ বৰ্ষৰ জানুৱাৰীলৈকে পৰ্যটন উদ্যোগটোৰ পৰা 70 মিলিয়ন আমেৰিকাৰ মুদ্ৰা হিচাপত উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল । কিন্তু এতিয়া মাৰাত্মক কৰ'ণা মহামাৰীৰ অধিক সংক্ৰমণৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ খনৰ ৭.৫৪ লাখ জনসংখ্যাক বাৰুকৈয়ে প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ।ইয়াৰ উদাহৰণ স্বৰূপে বাক্সা জিলাৰ সীমান্তত অৱস্থিত ভূটানৰ চান্দ্ৰুপ ঝংখাৰ জিলা বৰ্তমানে কেৱল জন শূন্য হৈ পৰিছে ।

প্ৰশ্ন হয়, কিমান দিনলৈ এনেদৰেই স্তব্ধ হৈ থাকিব জন জীৱন ? অন্ত হ'বনে এই মহামাৰীৰ ৷ এনেবোৰ প্ৰশ্ন মনত লৈ ভাল দিনৰ অপেক্ষাত এতিয়া সেমেকা হাঁহিৰেই বাট চাই ৰৈছে সকলোৱে ৷

লগতে পঢ়কঃবিধায়িকা নৱনিতা সন্দিকৈৰ পুত্ৰ আক্ৰান্ত কৰ'ণা ভাইৰাছতঃ সৰৱ দেবব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.