ETV Bharat / state

Pramod Boro on BTR land issue: শীঘ্ৰে বি টি আৰৰ ভূমি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰমোদ বড়োৰ - BTR land issue resolve soon said Pramod Boro

"অচিৰেই বি টি আৰত সমাধান হ'ব ভূমিৰ সমস্যা ৷ বি টি আৰত বৈসুমতী আঁচনিৰ জৰিয়তে দ্ৰোনৰ দ্বাৰা চৰকাৰী ভূমি জৰীপ আৰু নামজাৰিৰ কাম আৰম্ভ কৰা হ'ব ৷" - বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো (BTR land issue resolve soon)৷

BTR land issue resolve soon said Pramod Boro
অচিৰেই বি টি আৰৰ ভূমি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰমোদ বড়োৰ
author img

By

Published : Jul 24, 2022, 6:47 PM IST

বাক্সা, ২৪ জুলাই: "আমি চৰকাৰ গঠন কৰাৰ পৰাই চেষ্টা কৰিছো যে মাটিৰ সমস্যা সমাধান কৰিব লাগে ৷ এতিয়াও বহুত সমস্যা সমাধান হৈছে যদিও বহু ঠাইৰ পৰা এতিয়াও অভিযোগ আহি আছে ৷ দৰিদ্ৰ লোকসকলে ভূমিৰ নামজাৰি কৰিবলৈ আহিলে এচামে ধনৰ লেনদেন কৰে বুলি বহুতো অভিযোগ উত্থাপিত হৈ আহিছে ৷ সেইবাবে এই বৈঠকত আমি ৰাজহ চক্ৰ বিষয়াসকলক অতি সোনকালে এইসমূহ সমস্যা ঠিক কৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছো ৷ 15 আগষ্টৰ পিছৰ পৰা প্ৰতিটো ৰাজহ চক্ৰ কাৰ্যালয়ত এটাকৈ অভিযোগৰ বাকচ আৰু হেল্পলাইন নম্বৰ যোগান ধৰিম ৷ গৰখহনীয়াত ভূমি হেৰুওৱা লোকসকলৰ লগতে অন্য কাৰণত ভূমিহীন লোকসকলক অচিৰেই পুনৰ সংস্থাপন দিবলৈ চেষ্টা কৰিছো ৷ আমি বিটিআৰৰ অন্তৰ্ভুক্ত চাৰিখন জিলাত ইতিমধ্যে এই সন্দৰ্ভত জৰীপ চলাইছো ৷"

অচিৰেই বি টি আৰৰ ভূমি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰমোদ বড়োৰ

বি টি আৰত ভূমিৰ সমস্যা সমাধান কৰিবলৈ তৎপৰ হৈছে জিলা প্ৰশাসন (Pramod Boro on BTR land issue) ৷ দেওবাৰে বাক্সা জিলাৰ বৰমা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত ভূমি আৰু ৰাজহ বিভাগৰ এখন গুৰুত্বপূৰ্ন সভাত অংশ গ্ৰহন কৰি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে এই মন্তব্য কৰে (BTR land issue resolve soon)।

তেওঁ লগতে কয় যে বসুন্ধৰা আঁচনিৰ দৰেই বি টি আৰত বৈসুমতী আঁচনিৰ জৰিয়তে দ্ৰোনৰ দ্বাৰা চৰকাৰী ভূমি জৰীপ আৰু নামজাৰিৰ কাম আৰম্ভ কৰা হ'ব ৷ এই আঁচনিৰ অধীনত ভূমিৰ অধিকাৰ আৰু জৰীপ কাৰ্যৰ দ্বাৰা অঞ্চলটোৰ লোকসকলে বহুতো সমস্যাৰ মুক্ত হ'ব পাৰিব ৷

লগতে তেঁও বি টি আৰৰ 19 টা ট্ৰাইৱেল বেল্ট এণ্ড ব্লকৰ ভিতৰত থকা অজনজানীয় লোকসকলৰ ক্ষেত্ৰত ভূমি আইনমতে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰে ৷ ভাৰত স্বাধীন হোৱাৰ সময়তে জনজাতীয় লোকৰ ভূমি সংৰক্ষণৰ কাৰণে বান্ধি দিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰৰ অৰ্থাৎ ২০০৩ চনৰ আগত বি টি আৰত বাস কৰা সকলৰ মাজতহে কৰিব পাৰিব ভূমি কিনা বেচা ৷

ইফালে যিসকল লোকে চৰকাৰী ভূমি অবৈধ ভাৱে বেদখল কৰি আছে তেঁও লোককো ভূমি অধিকাৰ দিয়াৰ কথা চিন্তা কৰা বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ এই সভাত উপস্থিত থাকে বি টি আৰৰ ৰাজহ বিষয়া ধীৰাজ সাউদ, বি টি আৰৰ চেক্ৰেটাৰী নৰেণ বসুমতাৰী, বি টি আৰৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী, বি টি আৰৰ বন বিভাগৰ ই এম ৰঞ্জিত বসুমতাৰী, ঘনশ্যাম দাস (ই এম), ৰেওৰেৱা নাৰ্জাৰী (ই এম), ৰাকেশ ব্ৰহ্ম (ই এম), বি টি আৰৰ চক্ৰবিষয়া, মৌজাদাৰ সকল ৷

লগতে পঢ়ক : Ajanta Neog in Rangapara: ৰঙাপৰাত মন্ত্ৰী অজন্তা নেওগৰ বান বিধস্ত অঞ্চল পৰিদৰ্শন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.