ETV Bharat / state

নিযুক্তিৰ ক্ষেত্ৰত ক্ষমতা হেৰুৱাইছে বিটিচি চৰকাৰে : হাগ্ৰামা মহিলাৰী - বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী

সোমবাৰে বাক্সা জিলাৰ মুছলপুৰত বিপিএফৰ এখন বিশাল কৰ্মীসভা অনুষ্ঠিত হয়(Workers Meeting of BPF) ৷ সভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, পূৰ্বে বিটিচি চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক নিযুক্তি দি'ব পৰিছিল; কিন্তু এতিয়া এই ক্ষমতাও হেৰুৱালে বৰ্তমানৰ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰখনে ৷

BTC government loses power in recruitment
নিযুক্তিৰ ক্ষেত্ৰত ক্ষমতা হেৰুৱাইছে বিটিচি চৰকাৰে
author img

By

Published : Dec 13, 2021, 10:48 PM IST

বাক্সা, ১৩ ডিচেম্বৰ : "প্ৰমোদ বড়োৱে এই এঘাৰ মাহত বিটিচিত একো কাম কৰা নাই । বিটিচিৰ অধিৱেশনত প্ৰমোদ বড়োৱে বিৰোধি দলৰ প্ৰশ্নত সন্তোষজনক উত্তৰ দিব পৰা নাই ৷" সোমবাৰে বিপিএফৰ এখন কৰ্মীসভাত(Workers Meeting of BPF) অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

সোমবাৰে বাক্সা জিলাৰৰ মুছলপুৰত বিপিএফৰ এখন বিশাল কৰ্মীসভা অনুষ্ঠিত হয় ৷ সভাত দলীয় কৰ্মীসকলক দলৰ সংগাঠনিক দিশটো শক্তিশালি কৰাৰ ক্ষেত্ৰত মন্ত্ৰণা দিয়ে হাগ্ৰামা মহিলাৰীয়ে ৷ উল্লেখ্য যে, সভাত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ লগতে কেইবাজনো পৰিষদীয় সদস্যই অংশ গ্ৰহণ কৰে ৷

নিযুক্তিৰ ক্ষেত্ৰত ক্ষমতা হেৰুৱাইছে বিটিচি চৰকাৰে

সভাৰ পাছতে সাংবাদিকৰ আগত কয়, পূৰ্বে বিটিচি চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক নিযুক্তি দি'ব পৰিছিল; কিন্তু এতিয়া এই ক্ষমতাও হেৰুৱালে বৰ্তমানৰ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰখনে(BTC government loses power in recruitment) ৷ বিটিচিৰ অধীনৰ গাঁও কৰ্তন আৰু উচ্ছেদ কৰিবলৈ লোৱা কাৰ্যক বিপিএফ দলে সম্পূৰ্ণ বিৰোধিতা কৰা বুলিও কয় হাগ্ৰামা মহিলাৰীয়ে ৷

"বিটিচিৰ সম্পদ সমূহৰ লগতে গুৱাহাটীৰ, কলিকতা, দিল্লী, মুম্বাই আদি ৰাজ্যত থকা বিটিচিৰ ভৱন সমূহৰ অৱস্থা এতিয়া পুতৌলগা ৷ বিটিচিৰ সম্পদ সমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত বৰ্তমানৰ বিটিচি চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷ অসমৰ বাহিৰত থকা বিটিচিৰ ভৱন সমূহৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰখনে ৷" এইদৰে কয় বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে(BPF chief Hagrama Mohilary) ৷

লগতে পঢ়ক: Nagaland Army Ambush : ক্ষতিপূৰণৰ ধন ওভটাই পঠিয়ালে অ'টিঙৰ ৰাইজে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.