ETV Bharat / state

বিটিচিত অৰুণোদয় আঁচনিৰে ভোটাৰক প্ৰলোভন বিজেপিৰ প্ৰাৰ্থীৰ: তৃষ্ণা মেধি

author img

By

Published : Sep 2, 2020, 1:10 PM IST

বিজেপি দলে অৰুণোদয় আঁচনিৰ লোভ দেখুৱাই সাধাৰণ লোকৰ নচুৱাব বিচাৰিছে ৷ বিজেপি দলে এতিয়া ভোটাৰক আকৰ্ষিত কৰিবলৈ ৰচনা কৰিছে নানা কৌশল ৷ গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী এখন দলীয় সভাত অংশগ্ৰহণ কৰি এই অভিযোগ উত্থাপন কৰিলে দলটোৰ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তৃষ্ণা মেধিয়ে ৷

তৃষ্ণা মেধি
তৃষ্ণা মেধি

বৰমা, 2 চেপ্তেম্বৰ: বিটিচিৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে বিজেপি দলে এতিয়া ভোটাৰক আকৰ্ষিত কৰিবলৈ ৰচনা কৰিছে নানা কৌশল ৷ চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ প্ৰলোভন দি বিটিচিৰ ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছে বিজেপি দলে ৷ এই অভিযোগ উত্থাপন কৰিছে ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী তৃষ্ণা মেধিয়ে ৷ বাগানপাৰাৰ মুৰকুছিয়াপাৰাত গণ সুৰক্ষা পাৰ্টীৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰি বিজেপি দলৰ প্ৰাৰ্থী গৰাকীৰ বিৰূদ্ধে তৃষ্ণা মেধিয়ে এনে অভিযোগ উত্থাপন কৰে ৷

বিটিচিত অৰুণোদয় আঁচনিৰে ভোটাৰক প্ৰলোভন বিজেপিৰ প্ৰাৰ্থীৰ: তৃষ্ণা মেধি

গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী গৰাকীয়ে কৰা অভিযোগ অনুসৰি, বিজেপি দলৰ প্ৰাৰ্থী আৰতী বৰদলৈয়ে অৰুণোদয় আঁচনিখনত লৈ সাধাৰণ মহিলাসকলক পুতলা নচুওৱাৰ দৰে নচুৱাইছে ৷ আঁচনিখনৰ বাবে ইতিমধ্যে সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী আৰতী বৰদলৈয়ে ঘৰে ঘৰে বিজেপিৰ কাৰ্যকৰ্তাসকলক পঠিয়াই ভোটাৰক আকৰ্ষণ কৰা বুলি অভিযোগ কৰে ৷ অৰুণোদয় আঁচনিৰ নামত ৰাজনীতি কৰি আহিছে বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে ৷ ইয়াৰোপৰি সংবাদ মাধ্যমযোগে তৃষ্ণা মেধিয়ে কয়, যিহেতু সম্প্ৰতি বিটিচি নিৰ্বাচন স্থগিত ৰখা হৈছে, সেয়েহে আঁচনিখন বৰ্তমান বিটিচিত প্ৰযোজ্য নহয় ৷ হয়তো নিৰ্বাচন যোৱাৰ পাচতহে আঁচনি খন প্ৰযোজ্য হ'ব পাৰে ৷ সেয়েহে সংবাদ মাধ্যমযোগে গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীয়ে সকলো মহিলাকে সাৱধান হ'বলৈ আহ্বান জনায় ৷ কিয়নো বিজেপি দলে এই আঁচনি খনৰ লোভ দেখুৱাই সাধাৰণ লোক সকলক নচুৱাব বিচাৰিছে বুলি উল্লেখ কৰে তৃষ্ণা মেধিয়ে ৷

লগতে পঢ়ক: কোকৰাঝাৰত আৰম্ভ শ্বহীদ জিতেন ৰায় সোঁৱৰণী ফুটবল ট্ৰফী প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.