ETV Bharat / state

বাক্সাত অসম দৰ্শন আঁচনিৰ অধীনত অনুদান পত্ৰ বিতৰণ

author img

By

Published : Jan 30, 2021, 4:12 PM IST

অসম দৰ্শন আঁচনিৰ অধীনত বাক্সাত আৰ্থিক অনুদান বিতৰণ ৷ মুখ্য কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োয়ে আনুষ্ঠানিকভাৱে অনুদান পত্ৰ বিতৰণ কৰে ৷

btc-chief-promod-boro-visit-baksa
বাক্সাত অসম দৰ্শন আঁচনিৰ অধীনত অনুদান পত্ৰ বিতৰণ

বাক্সা, 30 জানুৱাৰী : অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত বাক্সা জিলাৰ 431 টা নামঘৰ আৰু বাথৌ চানথালীলৈ শনিবাৰে আনুষ্ঠানিকভাৱে আৰ্থিক অনুদান বিতৰণ কৰা হয় ৷ বাক্সা জিলাৰ সদৰ মুছলপুৰত অনুষ্ঠিত এক অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে আনুষ্ঠানিকভাৱে অনুদান পত্ৰ বিতৰণ কৰে ৷

প্ৰমোড বড়োৰ মন্তব্য

জিলাখনৰ বিভিন্ন গাঁৱৰ পৰা অহা কমিটী সমুহক জিলা উপায়ুক্ত ৰঞ্জন শৰ্মা, বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাস, ৰনেন নাৰ্জাৰীয়ে অনুদান পত্ৰ প্ৰদান কৰি ধৰ্ম ৰক্ষাৰ বাবে আহ্বান জনায় ৷ আৰ্থিক অনুদান বিতৰণ অনুষ্ঠানত অংশ লৈ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে শেহতীয়াভাৱে বিটিচিত অজনজাতীয় লোকক উচ্ছেদ কৰা বিষয় সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

বিটিচিত কোনো কাৰণতে উচ্ছেদ অভিযান নচলায় বুলি জানিব দি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে, এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ ৷ বিটিচি প্ৰশাসনে উচ্ছেদ চলোৱাৰ পৰিৱৰ্তে ভূমিহীন লোকক মাটিৰ পট্টা দি থকা বুলিহে জানিব দিয়ে ৷ তেওঁ বৰ্তমানলৈ বিটিচি অঞ্চলত পাঁচ সহস্ৰাধিক লোকক মাটিৰ পট্টা প্ৰদান কৰা বুলিও জানিব দিয়ে ৷

লগতে পঢ়ক : শিৱসাগৰত পথ দুৰ্ঘটনাত নিহত ঐক্য সেনা অসমৰ নেতা গোলাপজান আলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.