ETV Bharat / state

বিটিচি নিৰ্বাচনৰ আগতীয়া ফলাফল দিলে হাগ্ৰামাই - জনগোষ্ঠীৰ উন্নয়ন পৰিষদ

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰক মন্তব্য ৷ প্ৰায় 30 ৰ পৰা 40 টা সমষ্টি বিপিএফে দখল কৰিব বুলি উল্লেখ কৰিলে হাগ্ৰামা মহিলাৰীয়ে ৷

BTC Chief Hagrama Mohilary Reaction On Upcoming BTC Election
আমি নিৰ্বাচনত জয়লাভ কৰিছো মাত্ৰ আনুষ্ঠানিকতাহে বাকী আছেঃ হাগ্ৰামা মহিলাৰী
author img

By

Published : Sep 10, 2020, 6:59 PM IST

বাক্সা, 10 ছেপ্তেম্বৰ : আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত আমি 30 ৰ পৰা 40 টা সমষ্টিত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হম ৷ এতিয়ালৈ কোনটো সমষ্টিত হাৰিম সেয়া বিচাৰ কৰি উলিয়াব পৰা নাই ৷ ইতিমধ্যে,আমি নিৰ্বাচনত জয়লাভ কৰিছোৱে ৷ মাত্ৰ আনুষ্ঠানিকতাহে বাকী আছে ৷ এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ ৷ তামুলপুৰত নিৰ্বাচনী সভাত উপস্থিত থাকি এই মন্তব্য প্ৰদান হাগ্ৰামা মহিলাৰীৰ ৷

আমি নিৰ্বাচনত জয়লাভ কৰিছো মাত্ৰ আনুষ্ঠানিকতাহে বাকী আছেঃ হাগ্ৰামা মহিলাৰী

আনহাতে,নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি হাগ্ৰামা মহিলাৰীয়ে ৰাইজৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা বুলিও উল্লেখ কৰিলে ৷ আনকি,নিৰ্বাচনৰ পিচতেই মাটিৰ পট্টা দিয়া কাম আৰম্ভ কৰিব বুলি নেতা গৰাকীয়ে উল্লেখ কৰে ৷ লগতে,বিটিচিত বসবাস কৰা কোচ ৰাজবংশী,গোৰ্খা,আদিবাসীকে ধৰি 14 টা জনগোষ্ঠীৰ উন্নয়ন পৰিষদ গঠন কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে হাগ্ৰামা মহিলাৰীয়ে ৷

উল্লেখ্য যে,তামুলপুৰ 26 নম্বৰ দৰঙগাজুলী, 27 নম্বৰ নাগ্ৰিজুলী আৰু 28 নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিত কেবাখনো নিৰ্বাচনী সভাত বিপিএফৰ প্ৰাৰ্থীৰ সমৰ্থনত অংশ গ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

লগতে পঢ়ক : নলবাৰীত সাংবাদিক আৰু ৰাইজৰ সহযোগত সজাগতা সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.