বাক্সা, ৪ জুলাই: আগন্তুক ছমাহৰ ভিতৰত দুই মেৰুত বিভক্ত হ’ব বিপিএফ । সম্প্ৰতি ক্ষমতা কেন্দ্ৰীক ৰাজনীতি চলিছে বি পি এফৰ ভিতৰচৰাত । বাক্সা জিলাৰ মেদাঘাটত নৱ নিৰ্মিত পশু স্বাস্থ্য উপকেন্দ্ৰ এটা উদ্ধোধন কৰিবলৈ আহি এই বিস্ফোৰক মন্তব্য কৰে ইউ পি পি এল দলৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই (BPF will split into two poles within the next six months says Rakesh Brahma) ।
কেইদিনমান পূৰ্বে বি পি এফৰ নেতা তথা মূখপাত্ৰ ৰবিৰাম নাৰ্জাৰীয়ে বিটিচিত ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত প্ৰকাশ কৰি পুনৰ বি পি এফে বি টি চিৰ শাসন চলাব বুলি কৈছিল । লগতে বিজেপি আৰু ইউপিপিএলক পতি-পত্নীৰ কাজিয়াৰ লগত তুলনা কৰি কাজিয়াৰ পৰিণতিত বিবাহ বিচ্ছেদ হোৱাৰ দৰে বিজেপি আৰু ইউপিপিএলৰ মাজতো বিচ্ছেদ হ’ব বুলি মন্তব্য কৰিছিল বি পি এফ নেতা ৰবিৰাম নাৰ্জাৰীয়ে ।
আনকি বি টি এ ডিত প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ নামত ভিচিডিচিৰ অধ্যক্ষই ধন লোৱাৰো অভিযোগ তুলিছিল ৰবিৰাম নাৰ্জাৰীয়ে । প্ৰত্যুত্বৰত ইউপিপিএলৰ কাৰ্যবাহী সদস্য ৰাকেশ নাৰ্জাৰীয়ে ৰবিৰাম বড়োই ভি চি ডি চিৰ অধ্যক্ষই ধন লোৱাৰ তথ্য সহকাৰে প্ৰমাণ দিব পাৰিলে লগে লগে অধ্যক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে ।
বৰ্তমান বি টি চিত চলি থকা বি জে পি আৰু ইউ পি পি এলৰ মিত্ৰযোটৰ চৰকাৰৰ কোনো ধৰণৰ সংঘাট হোৱা নাই বুলি উল্লেখ কৰি ৰবিৰাম নাৰ্জাৰীক পচা আলুৰ লগত তুলনা কৰে ই এম ৰাকেশ ব্ৰহ্মই । তেওঁ আগন্তুক ছমাহৰ ভিতৰত বি পি এফ দুটা ভাগত বিভক্ত হ’ব বুলি মন্তব্য কৰে ।
লগতে পঢ়ক: Lovlina Borgohain Loses Quarters: কমনৱেলথ গেমছত পৰাস্ত লাভলীনা