ETV Bharat / state

আজিৰ দিনত BPF য়ে 30 খন আসন পাব : বিশ্বজিৎ দৈমাৰী

বিটিচিত বসবাস কৰা জাতি-জনগোষ্ঠীৰ বাবে ভাল খবৰ ৷ এইবাৰ BTC ত BPF ৰ চৰকাৰ আহিলে প্ৰতিটো জাতি-জনগোষ্ঠীৰ সুকীয়া পৰিষদ গঠন কৰিব ৷ হাগ্ৰামাৰ নেতৃত্বাধীন চৰকাৰে ল’ব এই সিদ্ধান্ত ৷

author img

By

Published : Aug 26, 2020, 9:50 PM IST

BPF will get 30 seats today: Biswajit Daimari

বাক্সা, 26 আগষ্ট : BTC ত BPF ৰ চৰকাৰ আহিলে প্ৰতিটো জাতি-জনগোষ্ঠীৰ সুকীয়া পৰিষদ গঠন কৰিব ৷ জাতি-জনগোষ্ঠীৰ বিষয়ত আৱন্টন দিব ধন ৷ আৱন্টিত ধন জাতিৰ কলা সংস্কৃতি, ভাষা বিকাশত ব্যৱহাৰ কৰিব লাগিব ৷ গোৰেশ্বৰৰ বাগডোৱাত অনুষ্ঠিত BPF যোগদান সভাত এই মন্তব্য সাংসদ বিশ্বজিৎ দৈমাৰীৰ ৷ প্ৰায় ছয় শতাধিক লোকৰ BPF যোগদান সভাত ভাষণ ৰাখি এইদৰে কয় সাংসদগৰাকীয়ে ৷

প্ৰায় ছয় শতাধিক লোকৰ BPF ত যোগদান

তেওঁ লগতে কয় যে, পূৰ্বতকৈ বিপিএফ দলৰ শক্তি বৃদ্ধি হৈছে ৷ আজিৰ ভিতৰত নিৰ্বাচন হ’লে BPF য়ে 30 খন আসন পাব আৰু অঞ্জলি দৈমাৰীৰ আগমনে দলটোৰ মনোবল বৃদ্ধি কৰিছে বুলি উল্লেখ কৰে ৷

আজিৰ দিনত BPF য়ে 30 খন আসন পাব : বিশ্বজিৎ দৈমাৰী

গোৰেশ্বৰ পৰিষদীয় সমষ্টিত BPF দলৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত BPF দল ত্যাগৰ নাট ৰচা ইমানুৱেল মুছাহাৰীক লক্ষ্য কৰি কয়, ইমানুৱেল মুছাহাৰী আমাৰ দলৰ মানুহ ৷ আমি তেওঁক বাদ নিদিও । ঘৰ এখনৰ দৰে মাক দেউতাকে বেয়া পালে মই ঘৰত নাথাকো মোক ওলিয়াই দে ক’লে জানো ল’ৰা ছোৱালীক মাক দেউতাকে উলিয়াই দিয়ে ? নিদিয়ে, গতিকে আমিও তেওঁক নিদিও সময়ত ভুল বুজাবুজিৰ অভাৱ কমিলে আকৌ আহিব বুলি ব্যক্ত কৰে বিশ্বজিৎ দৈমাৰীয়ে ৷

লগতে চাওক-ৰাজ্যৰ ৰাজনীতিত নতুন আঞ্চলিক দলৰ সূচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.