ETV Bharat / state

Lok Sabha elections 2024: লোকসভা নিৰ্বাচনত নিজাকৈ প্ৰাৰ্থী আগবঢ়াব বি পি এফ দলে

বাক্সাৰ বৰমাত বি পি এফ দলৰ প্ৰতিনিধি সভা ৷ কোকৰাঝাৰ আৰু ওডালগুৰি সমষ্টিত নিজাকৈ প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত লৈছে বি পি এফ দলৰ (upcoming Lok Sabha elections) ৷

upcoming Lok Sabha elections
দুটাকৈ সমষ্টিত নিজাকৈ প্ৰাৰ্থী আগবঢ়াব বি পি এফ দলে
author img

By

Published : Mar 4, 2023, 10:48 PM IST

বি পি এফৰ প্ৰতিনিধি সভা

বাক্সা, ৪ মাৰ্চ : বাক্সাৰ বৰমাত শনিবাৰে বি পি এফৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হৈ যায় ৷ জনসমূদ্ৰত পৰিণত হয় এই প্ৰতিনিধি সভা ৷ দলে আশা কৰাতকৈ অধিক পৰিমাণৰ লোকৰ সমাগম ঘটে মানুহৰ ৷

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিজৰ ৰাজনৈতিক ভেটি শক্তিশালী কৰাৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈছে বি পি এফ দল । বি পি এফৰ প্ৰতিনিধি সভাত আগন্তুক লোকসভা নিৰ্বাচনত (Upcoming loksabha elections) কোকৰাঝাৰ - ওদালগুৰি সমষ্টিত নিজাকৈ প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে বি পি এফ দলে ৷

বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত লোকসভা নিৰ্বাচন সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আগন্তুক লোকসভা নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰাকৈ নিজাববীয়াকৈ কোকৰাঝাৰ আৰু ওদালগুৰি বা মঙলদৈ সমষ্টিত প্ৰাৰ্থী দিয়াৰ কথা ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে (BPF will contest two constituencies) ।

লগতে পঢ়ক : Rangia Municipality Deforestation Controversy: পৌৰসভাই কিয় কাটিলে ৰঙিয়াৰ মূল্যৱান গছবোৰ ?

বি জে পি দলে সমৰ্থন বিচাৰিলে দলৰ মজিয়াত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব জানিবলৈ দিয়ে হাগ্ৰামা মহিলাৰীয়ে । আগন্তুক দিনত বি টি চি ৰ ৪০ টা সমষ্টিত এখন কৈ বিশাল সভা অনুষ্ঠিত কৰি ৰেলীৰ দ্বাৰা ৰাইজৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ বিশেষ প্ৰতিনিধি সভাত ।

আগন্তুক অক্টোবৰ - নৱেম্বৰ মাহত হ’ব লগা অভিৱৰ্তনত দুটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বুলি ক’লে হাগ্ৰামাই (BPF will contest two constituencies) । প্ৰতিখন জিলাতে নিজা জাতীয় প্ৰতিনিধিকলৈ একোটা চেল গঠন কৰা হ’ব বুলিও জানিবলৈ দিয়ে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে (BPF chief Hagrama Mohilary) ।

লগতে পঢ়ক : Meghalaya Assembly Election : মেঘালয়ৰ মচনদত এতিয়াও অনিশ্চিত কনৰাড, মুকুল চাংমাৰ ৰাজনৈতিক টুইষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.