ETV Bharat / state

হেমেন্দ্ৰ নাথ ব্ৰক্ষৰ দল ত‍্যাগক লৈ বিপিএফৰ প্ৰতিক্ৰিয়া

এই বিষয়ে সোমবাৰে গোঁসাইগাঁও সদৰ চহৰ স্থিত কাৰ্যালয়ত সংবাদমেল আয়োজন কৰি বিপিএফে হেমেন্দ্ৰ নাথ ব্ৰহ্মৰ ইউপিপিএলত গমনে বিপিএফ দলৰ একো ক্ষতি কৰিব নোৱাৰে বুলি প্ৰকাশ কৰে ।

author img

By

Published : Jun 8, 2020, 8:16 PM IST

হেমেন্দ্ৰ নাথ ব্ৰক্ষৰ দল ত‍্যাগক লৈ বিপিএফৰ প্ৰতিক্ৰিয়া
হেমেন্দ্ৰ নাথ ব্ৰক্ষৰ দল ত‍্যাগক লৈ বিপিএফৰ প্ৰতিক্ৰিয়া

গোঁসাইগাঁও, 8 জুন: COVID-19 মহামাৰীৰ বাবে স্থগিত ৰখা নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও বিটিএডিত নিৰ্বাচনী বতাহ তীব্ৰতৰ হৈ পৰিছে । এই সময়ত গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ২৯ নং কোকৰাঝাৰ জিলাৰ (জনজাতি) বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন্দ্ৰ নাথ ব্ৰহ্মই পূৰ্বতে বিপিপিএফ দল ত‍্যাগ কৰি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলত যোগদান কৰিছিল আৰু বিপিএফ দলৰ হৈ কাম কৰিছিল। কিন্তু বৰ্তমান সময়ত বিধায়ক গৰাকী পুনৰায় বিপিএফ দল ত‍্যাগ কৰি প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলত দলত যোগদান কৰে বুলি জানিব পৰা গৈছে ।

এই বিষয়ে সোমবাৰে গোসাইগাঁও সদৰ চহৰ স্থিত কাৰ্যালয়ত গোঁসাইগাঁও জিলা বিপিএফৰ সভাপতি তথা স্থানীয় বিধায়ক মাজেন্দ্র নাৰ্জাৰীয়ে সংবাদমেলৰ জৰিয়তে প্ৰতিক্ৰিয়া ব‍্যক্ত কৰি কয় যে প্ৰাক্তন বিধায়ক হেমেন্দ্ৰ নাথ ব্ৰহ্মৰ ইউপিপিএলত গমনে বিপিএফ দলৰ একো ক্ষতি কৰিব নোৱাৰে ।

বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য শোভাৰাম বসুমাতাৰীয়ে সংবাদমেল যোগে হেমেন্দ্ৰ নাথ ব্ৰহ্ম বিপিএফ এৰি ইউপিপিএলত যোগদান কৰাত নিন্দা প্ৰকাশ কৰে আৰু লগতে বিপিএফৰ কোনো নেতা-কৰ্মীক তেখেতৰ লগত যোগাযোগ নকৰিবলৈয়ো আহ্বান জনায় ।

লতগতে চাওকঃ ভাৰতৰ ভিন্ন ৰাজ্যত COVID-19ৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.