বৰমা,12 অক্টোবৰ: সোমবাৰে বাক্সাৰ বাগানপাৰাত অনুষ্ঠিত হয় মহিলা বিপিএফৰ এক বিশাল গণ সমাৱেশ ৷ প্ৰায় তিনি সহস্ৰাধিক লোক উপস্থিত থকা সমাৱেশখনত উপস্থিত থাকি বিজেপি আৰু বিপিএফৰ মাজত কোনো ধৰণৰ সংঘাত নথকাৰ কথা প্ৰকাশ কৰে বিপিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰবীণ বড়োৱে ৷ বড়োৱে দলটোৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ বিজেপি গমনৰ কথা উল্লেখ কৰি সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কেতিয়াও বিজেপিত যোগদান নকৰে বুলি মন্তব্য কৰে ৷ তদুপৰি 2021 চনলৈ বিজেপি আৰু বিপিএফৰ মিত্ৰতা অক্ষুন্ন থকাৰ কথা উল্লেখ কৰি ৰাজনৈতিক উত্থানৰ কাৰণে প্ৰত্যেক দলে নিজৰ দৃষ্টিভংগীৰে আগবাঢ়িব বুলি মন্তব্য কৰে প্ৰবীণ বড়োৱে ৷ পৰৱৰ্তী বিধানসভা নিৰ্বাচনত বিটিচিৰ বাহিৰৰ 20-26 টা সমষ্টিত আসন দখলৰ ক্ষেত্ৰত বিপিএফে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে বিপিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে ৷
ইফালে বিটিআৰত ৰাজ্যপালৰ শাসন চলি থাকিলে কোনো ধৰণৰ উন্নয়নমুলক কাম নহ’ব বুলি মন্তব্য কৰি শীঘ্ৰে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰে প্ৰবীণ বড়োৱে ৷
লগতে চাওকঃ SI কেলেংকাৰী সন্দৰ্ভত কি মন্তব্য আৰক্ষী সঞ্চালক প্ৰধানৰ...