ETV Bharat / state

প্ৰতিকুল বতৰৰ বাবে বিপিএফৰ নিৰ্বাচনী সভা আধাতে বাতিল

author img

By

Published : Mar 30, 2021, 9:05 PM IST

মঙলবাৰে বাক্সাৰ মেদাঘাটত আধাতে বাতিল কৰা হ'ল বিপিএফৰ নিৰ্বাচনী সভা । প্ৰতিকুল বতৰৰ বাবে বাতিল কৰা হয় নিৰ্বাচনী সভাখন । বৰষুণৰ বাবে অৱতৰণ কৰিব নোৱাৰিলে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ হেলিকপ্টাৰ ।

প্ৰতিকুল বতৰৰ বাবে বিপিএফৰ নিৰ্বাচনী সভা আধাতে বাতিল
প্ৰতিকুল বতৰৰ বাবে বিপিএফৰ নিৰ্বাচনী সভা আধাতে বাতিল

বাক্সা, ৩০ মাৰ্চ: মঙলবাৰে বাক্সাৰ মেদাঘাটত অনুষ্ঠিত কৰা হৈছিল বিপিএফৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা । এই সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত হোৱাৰ কথা আছিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী । কিন্তু প্ৰতিকুল বতৰৰ বাবে আধাতে বাতিল কৰা হয় বিপিএফৰ নিৰ্বাচনী সভা । বৰষুণৰ বাবে সভাস্থলীত অৱতৰণ কৰিব নোৱাৰিলে বিপিএফ হাগ্ৰামা মহিলাৰীৰ হেলিকপ্টাৰ ।

প্ৰায় ১০ হাজাৰ লোকে উক্ত সভাত অংশগ্ৰহণ কৰিছিল ৷ ৬৩নং চাপাগুৰি আৰু ৬২নং বৰমা বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত অনুষ্ঠিত কৰা হৈছিল সভাখন ৷ বিপিএফৰ সভাত উপস্থিত আছিল চি পি আই এম দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য জগত গোস্বামী, অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য প্ৰফুল্ল বড়োৰ লগতে মহাজোঁট বন্ধনৰ কেইবাগৰাকীও বিষয়ববীয়া ৷

লগতে পঢ়ক:নগাঁৱত কংগ্ৰেছৰ বিশাল ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.