ETV Bharat / state

বৈশাগু উৎসৱত আত্মহাৰা বৰমাবাসী - বড়ো সম্প্ৰদায়ৰ বৈশাগু উৎসৱ

অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে নিজস্ব স্বকীয় পৰম্পৰাৰে পালন কৰিছে চেনেহৰ ৰঙালী বিহু ৷ পিছপৰি ৰোৱা নাই বড়োসকলো ৷ ৰঙালী বিহুক বড়ো সম্প্ৰদায়ৰ লোকসকলে পালন কৰে বৈশাগু নামেৰে ৷ বাক্সাৰ বৰমাতো বড়ো সম্প্ৰদায়ৰ লোকে উলহ-মালহেৰে পালন কৰিলে চেনেহৰ বৈশাগু উৎসৱ ৷

বৈশাগু উৎসৱত আত্মহাৰা বৰমাবাসী
বৈশাগু উৎসৱত আত্মহাৰা বৰমাবাসী
author img

By

Published : Apr 18, 2021, 7:34 PM IST

বাক্সা,১৮ এপ্ৰিল: বাক্সাৰ বৰমাত বড়ো সম্প্ৰদায়ৰ লোকে উলহ-মালহেৰে পালন কৰিলে বৈশাগু উৎসৱ ৷ বৰমাৰ সাপ্তাহিক বজাৰ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত নাচি-বাগি বৈশাগুত মতলীয়া হৈ পৰে বড়ো লোকসকল ৷ বৈশাগু নৃত্যৰে সমন্বয়ৰ মিলন ভূমিত পৰিণত হৈ পৰে বৰমা অঞ্চল ৷ ডেকা-গাভৰুৰ পৰা বৃদ্ধলৈকে সকলোৱে নাচি-বাগি আত্মহাৰা হোৱা দেখা যায় ।

বৈশাগু উৎসৱত আত্মহাৰা বৰমাবাসী

উল্লেখ্য যে, অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে স্বকীয় পৰম্পৰাৰে পালন কৰে চেনেহৰ ৰঙালী বিহু ৷ পিছ পৰি ৰোৱা নাই বড়োসকলো ৷ ডেকা-গাভৰু, জীয়ৰী-বোৱাৰী, পুৰুষ-মহিলাসকল ওলাই আহে বৈশাগু উৎসৱৰ আনন্দ ল’বলৈ ৷ বড়ো জীয়ৰী-বোৱাৰীসকলে স্বকীয় বৈশিষ্ট্যৰে অংশ লোৱা দেখা যায় বৈশাগু নৃত্যত ৷

লগতে পঢ়ক: জটিলতাৰ দিশে ৰাজ্যৰ ক'ভিড পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.