ETV Bharat / state

প্ৰাক্তন কৰ্মীক সংস্থাপনৰ দাবী বড়োলেণ্ড মুভমেণ্ট এক্স ৱৰ্কাৰ এছ'চিয়েচনৰ - মুছলপুৰৰ নাৰায়ণপুৰত সম্বোধন কৰা সংবাদমেল

পৃথক বড়োভূমিৰ দাবীত কৰা আন্দোলনৰে জড়িত কৰ্মীসকলৰ সংস্থাপনৰ দাবী বড়োলেণ্ড মুভমেণ্ট এক্স ৱৰ্কাৰ এছ'চিয়েচনৰ । শনিবাৰে এক সংবাদমেল সম্বোধন কৰি এই দাবী উত্থাপন কৰে সংস্থাটোৱে । বড়োভূমিৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া লোকসকলৰ পৰিয়ালে আজি পৰ্যন্ত সাহায্য লাভ নকৰাক লৈও ক্ষোভ উজাৰে ।

প্ৰাক্তন কৰ্মীক সংস্থাপনৰ দাবী বড়োলেণ্ড মুভমেণ্ট এক্স ৱৰ্কাৰ এছ'চিয়েচনৰ

author img

By

Published : Dec 19, 2020, 8:01 PM IST

বাক্সা, ১৯ ডিচেম্বৰ : বড়োলেণ্ড আন্দোলনৰ সময়ত বহু সংগঠনৰ লগতে সাধাৰণ জনতা বড়োভূমিৰ স্বাৰ্থত ৰাজপথলৈ ওলাই আহিছিল । আন্দোলনত অংশ লৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল বহুজনে । মাতৃভূমিৰ বাবে আন্দোলনত জপিয়াই পৰা কৰ্মীসকল আজি উপেক্ষিত হৈ আছে । শনিবাৰে বড়োলেণ্ড মুভমেণ্ট এক্স ৱৰ্কাৰ এছ'চিয়েচনে এক সংবাদমেল সম্বোধন কৰি বিটিচি প্ৰশাসনৰ দ্বাৰা ইমানদিনে অৱহেলিত হৈ অহাৰ কথা প্ৰকাশ কৰে ।

প্ৰাক্তন কৰ্মীক সংস্থাপনৰ দাবী বড়োলেণ্ড মুভমেণ্ট এক্স ৱৰ্কাৰ এছ'চিয়েচনৰ

মুছলপুৰৰ নাৰায়ণপুৰত সম্বোধন কৰা সংবাদমেলত সংস্থাটোৰ নেতৃত্বই আক্ষেপ কৰি কয় যে, পৃথক বড়োভূমি বিচাৰি প্ৰতিবাদ কৰাৰ সময়ত প্ৰাণ হেৰুওৱা সাহসী যুদ্ধাৰ পৰিয়ালে আজি পৰ্যন্ত সাহায্য লাভ কৰা নাই । বিগত ১৭ বছৰে শাসনৰ গাদীত থকা হাগ্ৰামা মহিলাৰী চৰকাৰৰ এইসকল পৰিয়ালৰ কথা ভাৱি চোৱাৰ আহৰি নহ'ল । সেয়ে, ক্ষোভিত হৈ পৰিছে সংস্থাটোৰ নেতা-কৰ্মীসকল । আজি তেওঁলোকে প্ৰমোদ বড়োক অভিনন্দন জনোৱাৰ লগতে বড়োভূমিৰ আন্দোলনত অৱদান আগবঢ়োৱা প্ৰাক্তন কৰ্মীসকলৰ পুনৰ সংস্থাপনৰ দাবী জনায় ।

আজিৰ সংবাদমেলত উপস্থিত থাকে সংস্থাটোৰ সভাপতি সুভাষ বসুমতাৰী, কাৰ্যকৰী উপ-সভাপতি গজেন হায়নাৰীৰ লগতে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিৰ বহুকেইগৰাকী সদস্য । নতুন পৰিষদে তেওঁলোকৰ দাবী পূৰণ কৰিব বুলি আশাবাদী সংস্থাটোৰ নেতৃত্ব ।

লগতে পঢ়ক:দুখনকৈ ব্যক্তিগত বিদ্যালয়ত অগ্নিসংযোগ দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.