ETV Bharat / state

বাক্সাৰ চৌকি বনভোজস্থলী পৰিদৰ্শন বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ - bodoland karmasary porisod

বাক্সা জিলাৰ চৌকি বনভোজস্থলী শনিবাৰে পৰিদৰ্শন কৰে বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াৰ লগতে সদস্য-সদস্যা সকলে ৷ বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ সভাপতি দীপক কুমাৰ ৰামচিয়াৰীয়ে সাংবাদিকৰ আগত কয় যে, ভাৰত-ভূটান সীমান্তত অৱস্থিত চৌকি অঞ্চলটো ৰাজ্যৰ ভিতৰতে লেখত ল'বলগীয়া এটা পৰ্যটনস্থলী ৷

bodoland-karmasary-porisod
বাক্সাৰ চৌকি বনভোজস্থলী পৰিদৰ্শন বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ
author img

By

Published : Jan 9, 2021, 8:28 PM IST

বাক্সা,9 জানুৱাৰী : ভাৰত-ভূটান সীমান্তত অৱস্থিত বাক্সা জিলাৰ চৌকি বনভোজস্থলী শনিবাৰে পৰিদৰ্শন কৰে বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াৰ লগতে সদস্য-সদস্যাসকলে ৷ পৰিদৰ্শন কৰিয়েই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াসকলে ৷

বাক্সাৰ চৌকি বনভোজস্থলী পৰিদৰ্শন বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ

বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ সভাপতি দীপক কুমাৰ ৰামচিয়াৰীয়ে সাংবাদিকৰ আগত কয় যে, ভাৰত-ভূটান সীমান্তত অৱস্থিত চৌকি অঞ্চলটো ৰাজ্যৰ ভিতৰতে লেখত ল'বলগীয়া এটা পৰ্যটনস্থলী ৷ চলিত বছৰৰ প্ৰথম দিনটোৰ পৰাই ৰাজ্যৰ বহু পৰ্যটক এই স্থানলৈ অহা পৰিলক্ষিত হৈছে ৷ গতিকে এই পৰ্যটনস্থলীক ৰাজ্যৰ ভিতৰত আগশাৰীৰ পৰ্যটনস্থলীলৈ উন্নীত কৰাৰ বাবে বহু থল আছে বুলি মন্তব্য প্ৰকাশ কৰে দীপক কুমাৰ ৰামচিয়াৰীয়ে ৷

উল্লেখ্য যে, ৰাজ্যৰ পৰ্যটনস্থলীসমূহৰ পৰা পৰ্যাপ্ত পৰিমানে ৰাজহ সংগ্ৰহ কৰিব পাৰে ৰাজ্য পৰ্যটন বিভাগে ৷ সেয়েহে চৌকি পৰ্যটকস্থলীক আগশাৰীৰ পৰ্যটনস্থলীলৈ উন্নীত কৰাত গুৰুত্ব প্ৰদান কৰিবলৈ ৰাজ্যৰ পৰ্যটন বিভাগক আহ্বান জনাইছে বড়োলেণ্ড কৰ্মচাৰী পৰিষদে ৷

লগতে পঢ়ক : অখিল গগৈয়ে জেলত কটোৱা প্ৰতিটো দিনৰ উত্তৰ 21ত ৰাইজে দিবঃ চিত্ত ৰঞ্জন বসুমতাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.