ETV Bharat / state

গোৰেশ্বৰত বিজেপি আৰু বিপিএফৰ মাজত তুমুল সংঘাত - বিজেপি

বিটিচি পৰিষদীয় শুক্লাই ছেৰফাং সমষ্টিত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । প্ৰাক নিৰ্বাচনী হিংসাই ব্যতিব্যস্ত কৰি তুলিছে সাধাৰণ জনতাক ।

btc election
btc election
author img

By

Published : Jul 13, 2020, 5:13 AM IST

তামুলপুৰ, 12 জুলাই : বিটি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি গোৰেশ্বৰত বিজেপি আৰু বিপিএফৰ মাজত সংঘাত ৷ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰৰ শুৱাগপুৰত বিটিচি পৰিষদীয় শুক্লাই ছেৰফাং সমষ্টিত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । প্ৰাক নিৰ্বাচনী হিংসাই ব্যতিব্যস্ত কৰি তুলিছে সাধাৰণ জনতাক । দেওবাৰে পথৰ দাঁতিত আৰি থোৱা বিজেপিৰ দলীয় পতাকা বি পি এফ দলৰ কৰ্মীয়ে উঘালি নি প্ৰাক্তন বি এল টি সদস্য গণেশ কছাৰীৰ মুখকাৰ্যালয়ত সুমুৱাই থয়।

গোৰেশ্বৰত বিজেপি আৰু বিপিএফৰ মাজত তুমুল সংঘাত

এই কথাত ক্ষুব্ধ হৈ শুক্লাই ছেৰফাং বিজেপি দলৰ কৰ্মকৰ্তা সকলে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰতিবাদী কাৰ্যসূচীত বিজেপি দলৰ কৰ্মকৰ্তা সকলে বিপিএফ গ' বেক, গণেশ কছাৰী মুৰ্দাবাদ ধ্বনিৰে শুৱাগপুৰ চক উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত বিজেপি দলৰ কৰ্মকৰ্তাসকলে শুৱাগপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে দোষীক উচিত শাস্তি দিয়াৰ দাবী তোলে ।

লগতে পঢ়ক : বৰগাং নৈৰ গৰাখহনীয়াত জাহ গ'ল শতাধিক চাহ বাগিচা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.