ETV Bharat / state

বৰমাত কোনে লাভ কৰিব প্ৰাৰ্থিত্ব ?

author img

By

Published : Mar 6, 2021, 7:16 AM IST

৬২নং বৰমা বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিচাৰি সংবাদমেল সম্বোধন ৷ শুকুৰবাৰে বৰমাৰ বিজেপি কৰ্মকৰ্তাসকলে আয়োজন কৰে এই সংবাদমেলৰ ৷

বৰমাত কোনে পাব প্ৰাৰ্থীত্ব ?
বৰমাত কোনে পাব প্ৰাৰ্থীত্ব ?

বাক্সা,6 মাৰ্চঃ বহু অপেক্ষাৰ অন্তত শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে ঘোষণা কৰিলে 2021 বৰ্ষৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ৷ কিন্তু ৬২নং বৰমা বিধানসভা সমষ্টিত কোনে এই আসন লাভ কৰিব, তাক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা ৷ এই গুৰুত্বপূৰ্ণ সমষ্টিটো বিজেপিয়ে নিজৰ লগত ৰাখিব নে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হাতত অৰ্পণ কৰিব সেয়া এতিয়া চৰ্চাৰ বিষয় ৷

বাক্সাৰ বৰমা সমষ্টিক লৈ বিজেপি দলৰ কৰ্মীসকলৰ মাজত বৃদ্ধি পাইছে তীব্ৰ উৎকন্ঠাৰ ৷ সমষ্টিটোত বিজেপি প্ৰাৰ্থী বিচাৰি শুকুৰবাৰে বৰমাৰ বিজেপি কৰ্মকৰ্তাসকলে সম্বোধন কৰে এক সংবাদমেল ৷

প্ৰাৰ্থিত্ব লাভক কেন্দ্ৰ কৰি সৰৱ চৰ্চা

৬২নং বৰমা বিধানসভা সমষ্টিক লৈ আলোচনা চলি থকাৰ মাজতে এই গুৰুত্বপূৰ্ণ সমষ্টিটোত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে সাংসদ নৱ কুমাৰ শৰণীয়াৰ নাম চৰ্চালৈ আহিছে ৷ কিন্তু দলীয় নেতৃত্বই নিবিচাৰে সাংসদ নৱ কুমাৰ শৰণীয়াক ৷ উল্লেখ্য যে বৃহস্পতিবাৰে বৰমাত থকা বিজেপিৰ মুছলপুৰ মণ্ডলৰ কাৰ্যালয়ত সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰাৰ্থিত্বৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত শুকুৰবাৰে পুনৰ এক সংবাদমেল অনুষ্ঠিত কৰে দলটোৰ যুৱ মৰ্চাই ৷ সংবাদমেলত ৰাজ্যিক বিজেপিৰ নেতৃত্বক বৰমাত প্ৰাৰ্থী দিয়াৰ সন্দৰ্ভত সুস্থিৰ চিন্তা কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়কঃ কোন সমষ্টিত কাক প্ৰাৰ্থীত্ব দিলে বিজেপিয়ে... ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.