বাক্সা, 22 ফেব্ৰুৱাৰীঃ বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত বিভিন্ন ৰাজনৈতিক দল সমূহৰ মাজত দেখা পোৱা গৈছে ব্যাপক তৎপৰতা ৷ এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই শাসকীয় বিজেপি দলো ৷ শনিবাৰে বাক্সাৰ গোৰেশ্বৰৰ PWD আইবিৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় বিশাল সাংগঠনিক সভা ।
উত্তৰ কামৰূপ জিলাৰ গোৰেশ্বৰ,বৰঘুলি আৰু বিহদিয়া জাঁজিকোনা মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত অনুষ্ঠিত এই সভাতে বিটিচি নিৰ্বাচনৰ বাবে গোৰেশ্বৰত দলটোৰ ৰণডংকা ৷ প্ৰাৰ্থী ঘোষণা নকৰিলেও বিটিচি দখলৰ ইংগিত দিছে বিজেপিয়ে ৷ সভাত উপস্থিত থাকি মন্ত্ৰী ভবেশ কলিতাই কয় যে, জলসিঞ্চন বিভাগৰ পৰীক্ষাত কোনো ধৰণৰ প্ৰশ্ন কাকত ফাদিল হোৱা নাই ৷ OMR চিৰ্টত সুকলমে পৰীক্ষা অনুষ্ঠিত হৈছে ৷ পৰীক্ষা কেন্দ্ৰ সমূহত জামাৰ লগোৱা আছিল তেনে ক্ষেত্ৰত প্ৰশ্ন কাকত ফাদিল হোৱাৰ কোনো কাৰণ নাই। চৰকাৰৰ ভাবমূৰ্তি বিনিষ্ট কৰিবলৈ বিৰোধীৰ এইয়া ষড়যন্ত্ৰ ৷
আনহাতে কংগ্ৰেছক দলক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয়, কংগ্ৰেছৰ দিনত কোনো কাম হোৱা নাই । কংগ্ৰেছৰ হাত চোৰৰ হাত ৷ মহিলা সংস্থাপনৰ কাৰণেও কংগ্ৰেছে কোনো কাম কৰা নাই বুলি কয় যি কাম কৰিছে বিজেপিয়ে চৰকাৰে হে কৰিছে ৷
উক্ত সভাতে বহাগ বিহুত গোৰেশ্বৰত মহিলা বজাৰ মুকলি কৰিব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ এই সভাত মঙলদৈ সমষ্টিৰ সাংসদ গৰাকীৰ উপৰিও বাক্সা জিলাৰ বিজেপি দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীৰ লগতে স্থানীয় পাঁচ সহস্ৰাধিক লোকে উপস্থিত থাকে ।